অহমিকাৰ কুঁৱলীত ধ্ৰুৱতাৰা নেদেখি অকূল সমুদ্ৰত উদ্ভান্ত বেগেৰে বিচৰণ কৰিবলৈ ললে। এটাইতকৈ অত্যাচাৰ হ’ল কামৰ;—সি ভীষণ দৈত্যৰ দৰে কৰ্ম্মৰাজ্যত সোমাই কৰ্ম্মৰ বন্ধন কৰোৱালে, ভক্তিৰ ৰাজ্যত সোমাই ভক্তিৰ ব্যভিচাৰ ঘটালে, জ্ঞানৰ ৰাজ্যত সোমাই সঙ্গদোষেৰে তাক উচ্ছৃঙ্খল কৰিলে। জ্ঞান কৰ্ম্ম আৰু ভক্তিৰ ব্যভিচাৰত ভাৰত তল যায় যায়! ই অকল ভাৰতৰে সমস্যা নহয়, জগতৰ সমস্যা হৈ উঠিল, আসুৰিক তেজে ব্যভিচাৰৰ গন্ধ পাই সহস্ৰ মুখেৰে কিৰীলি পাৰি ভাৰত ছাটি ধৰিলে। আকৌ এবাৰ পৃথিবীয়ে ক্ষীৰোদধিতীৰত প্ৰাণৰ বিননি তুলি বিশ্ব চৈতন্যৰ মুখলৈ চাই বিনাবলৈ ধৰিলে! ভগবান নামি আহিল নিজৰ দলবল লৈ এক অভিনৱ লীলা পাতিবলৈ৷ আগে আগে বলৰাম, পাচত ত্ৰিভঙ্গভঙ্গিম মূৰতি, মুখত মোহন বংশী—বংশীত কি সেই বিশ্বজিনা সুৰ! কৰ্ম্ম জ্ঞান আৰু প্ৰেমৰ কি অভাবনীয় ঐকতান, কি মনোৰম সমন্বয়—জগত ধন্য হৈ গল!—ইয়াৰ পাচত ভাগৱতত উল্লেখ থকা বুদ্ধদেৱৰ অৱতাৰ। এই মহাপুৰুষে নিতে নিতে শীল সাধনাৰে আত্মাৰ প্ৰলোভন মলচি মৈত্ৰী ভাবেৰে আমিত্ব বিলাই দীক্ষাৰ পাচত দীক্ষা অতিক্ৰম কৰি ব্ৰহ্ম বিহাৰ পাই নিৰ্ব্বাণ লাভ কৰিছিল। ওৰে জীৱনত কেৱলে এক উত্তৰণৰ চেষ্টা দেখি ভাৰতৰ কোনো কোনো মনীষীয়ে বুদ্ধদেৱক অৱতাৰ নুবুলি উত্তাৰ বুলিব খোজে, বেদমাৰ্গৰ বাহিৰে গৈ স্বাধীন
পৃষ্ঠা:সপ্তপৰ্ণ.djvu/১২৭
অৱয়ব