চিন্তাৰে এই সাধনা কৰা গুণেই সম্ভৱতঃ পুৰণি পুথিৰ যিখিনিত থাকিব পাৰে সেই খিনিত অৱতাৰ স্বৰূপে এইজনা মহাপুৰুষৰ বিশেষ প্রশংসা নাই। পাচলৈ যেতিয়া ভাৰতে দেখিলে এটি স্তৰৰ পৰা আৰু এটি স্তৰলৈ আগবাঢ়ি বিশ্বৰ ধীশক্তিৰে প্ৰবুদ্ধ হৈ বুদ্ধদেৱে শেষ লক্ষ্য লাভ কৰিলে, তেতিয়াই উত্তৰণৰ লগে লগে ধীশক্তিৰ অৱতৰণৰ সম্ভেদ পাই অৱতাৰ বুলি মানি লবলৈ দ্বিধা নকৰিলে৷—ৰাতিৰ পাচত দিন অহা দেখি আমি যেনেকৈ স্পৰ্দ্ধাৰে কওঁ আজিৰ ৰাতিৰ পাচতো দিন আহিব, সেইদৰেই ভগবান আহি থকা দেখি আমি স্পৰ্দ্ধাৰে বিশ্বাস কৰোঁ।—তেওঁ আকৌ আহিব। ভাৰতে যেনেকৈ দিনে দিনে ম্লেচ্ছ-ভাবাপন্ন হৈ তাৰ জ্ঞান গৰিমাৰ আলোকৰ পৰা আঁতৰি কাঞ্চনৰ মোলে কাচ কিনিবলৈ ধৰিছে, নিজৰ মৌলিকতালৈ পিঠি দি অনুকৰণৰ কৃষ্টিত গা ঢালি দি কৃতকৃত্য মানিব লাগিছে, চাৰি যুগৰ ৰৈ যোৱা আবৰ্জ্জনা জাহ গৈ পৃথিবী জুৰি যি উৎকট দুর্গন্ধ উঠি নন্দন বনৰ সুৰভি সম্ভাৰ গিলি ধৰিছে, অন্তৰৰ দুৱাৰ ৰুদ্ধ কৰি আক্ৰোহৰ মদিৰা জালত মানুহে মানুহৰ ৰক্তপান কৰি নিজে নিপোটল হোৱাৰ সৰ্ব্বতোমুখী আসুৰিক চেষ্টাই যি বিকট চিৎকাৰ তুলিব লাগিছে,—আহিছে তালৈ এনে দিন, যিদিনা সি নিজৰ কণ্ঠ নিজে টিপি গগন বিদৰ৷ আৰ্ত্তনাদত ত্রিভুবন কঁপাই তুলিব,—সকলো উৎপাত উপশম কৰি সত্য যুগৰ পবিত্ৰ আলোকেৰে
পৃষ্ঠা:সপ্তপৰ্ণ.djvu/১২৮
অৱয়ব