পৃষ্ঠা:সপ্তপৰ্ণ.djvu/১৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮০
সপ্তপৰ্ণ

 মথুৰাহাটৰ কৃষ্ণৰ প্ৰতিমা, কৃষ্ণৰ ছবিয়েই কৃষ্ণ নহয়। মথুৰাহাটৰ মাজত, প্ৰতিমাৰ মাজত, ছবিৰ মাজত ঘটে ঘটে বিৰাজ কৰা আকাশৰ দৰে চকুৰে নেদেখাকৈ চিৰ সুন্দৰ কৃষ্ণৰ ৰূপ জিলিকি আছে। বৃন্দাবনত অগণন গোপিনীৰ লগত কৃষ্ণ অগণন হৈ আছিল, সেই অগণন কৃষ্ণ বহুৰ এক হৈ বৃন্দাবনতে লুকাই পৰিল। অপাৰ প্ৰেমৰ পবিত্ৰ পোহৰত গোপিনীয়ে তেওঁক বিচাৰি পাই মহানন্দত মজি গল। গোপিনীৰ প্ৰাণৰ আকুলতাৰে তেওঁক নিবিচাৰিলে তেওঁৰ সন্ধান পোৱা যে সহজ নহয়।

 সুৰ যন্ত্ৰৰ সকলো সুৰ একেলগে বজালে দূৰৰ পৰা এটি মৃদু মধুৰ গুঞ্জনৰ দৰে শুনা যায়। ঠিক তেনে এটি গুঞ্জন হাটৰ বহু দূৰত নীৰৱ নিস্তব্ধতা ভেদি প্ৰথমে প্ৰথমে-কাণত বাজি উঠে। ধ্বনিটিৰ পমে পমে হাটলৈ আহিলে সিয়েই ক্ৰমান্বয়ে এটা হো-হোৱনি হৈ হাটৰ মাজৰ ভীষণ কোলাহল হৈ পৰেহি। হাটৰ পৰ৷ আঁতৰি গলে আকৌ সেই হো- হোৱনি, আকৌ সেই মৃতু মধুৰ গুঞ্জন। অথচ, তাত আছে বলবানৰ বলৰ হুঙ্কাৰ, দৌৰ্ব্বল্যৰ কৰুণ ক্ৰন্দন, হৃদয়হীনৰ হাঁহিৰ কিৰীলি, সহৃদয়ৰ সহবেদনা, সাধুলোকৰ সাধু ভাষা, চহা চাহিনীৰ চহা কথা, কামাতুৰৰ ফুচফুচনি, প্ৰতিদ্বন্দ্বীৰ গৰজনি, ভেমে ধৰাৰ কথাৰ হুকি, বেচাকিনাৰ কেৰজেৰনি,—আৰু যে কি নাই! এই সকলোবিলাক ভিন ভিন কণ্ঠৰ বেসুৰা কোৰ্হাল মিলি গল এক মধুৰ গুঞ্জনত,—এক গম্ভীৰ ওঙ্কাৰ ধ্বনিত!