পৃষ্ঠা:সপ্তপৰ্ণ.djvu/১৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪১
ষষ্ঠ পৰ্ণ

লগে লগে তীব্ৰ বিকৰ্ষণ, ভোগৰ লগে লগে বিতৃষ্ণা, মদিৰা জালৰ লগে লগে ভীষণ অৱসাদ, চকুৰে চাই হেঁপাহ নপলোৱাৰ লগে লগে চকু পাৰি দেখিব নোৱাৰা অৱস্থাও চকুত পৰে। এই আকৰ্ষণৰ মূলত আছে—ইন্দ্ৰিয়৷ তাৰ সুখ লালসা চৰিতাৰ্থ কৰিবলৈ সি ভোগৰ বলিয়া হয়, ভোগৰ আঁৰে আঁৰে যেতিয়া বিতৃষ্ণা আহে, সি তেতিয়া অন্য ভোগ বিচাৰি যায়। এই যে কেৱলে ইন্দ্ৰিয়ৰ লালসা পূৰ্ণ কৰা ক্ষণিকা তৃপ্তি, ইয়াকো মনে এটা ডাঙৰ নাম দি প্ৰেম বুলিব খোজে। ই প্ৰেম নহয়, ইয়াৰ নাম কাম। কোনো জনক আপোনাৰো আপোনকৈ ললে চিত্তৰ যি সম্পূৰ্ণ্ণ আনন্দ হয়,—যি আনন্দৰ কোনো দিন কোনো বিকাৰত শেষ নাই, অৱসাদ নাই—সি প্ৰেম; আৰু কোনো জনক ইন্দ্ৰিয়ৰ ভোগ স্বৰূপে গ্ৰহণ কৰি খন্তেকীয়া তৃপ্তিত মন যদি মেলি দিয়া যায় তাৰ নাম কাম। আচলতে মৰমৰ স্নিগ্ধতা, ব্যাপকতা আৰু পবিত্ৰতাৰ যি অমৃত সেয়ে প্ৰেম, তাৰ ইন্দ্ৰিয় তৃপ্তিৰ জঘন্যতা আৰু অশ্লীলতাৰে যি মাদকতা সেয়ে কাম।

 পবিত্ৰ প্ৰেমৰ যি চুম্বন আৰু আলিঙ্গন তাত অশ্লীলতা নাই। কামৰ চুম্বনত হে অশ্লীলতা। আমাৰ সমাজৰ এটি পটন্তৰতে এই কথাটি বিতোপন কৈ ফুটি পৰে। কলৰ গুৰিত আদৰিবলৈ গৈ শাহুৱেকে যেতিয়া জোঁৱায়েকৰ দুগালে দুটি চুমা দিয়ে,—সি কেনে পবিত্ৰ! তাৰ পুণ্য