বৈজ্ঞানিক প্ৰমাণ আছে। তাতকৈ বেচি যাবৰ অধিকাৰ বিজ্ঞানৰ এতিয়াও হোৱ৷ নাই।— বিজ্ঞানে য’ত এৰি দিছে ত'ত এই প্ৰশ্নৰ পম ডালি দৰ্শনে বুটলি লৈ জগতৰ আগত সত্যৰ প্ৰকাশ তুলি ধৰিছে৷ আমাৰ মস্তিস্ক এটা উপাধি মাত্ৰ, তাত বিৰাট চৈতন্যৰ আংশিক বিকাশ হয়। দৰ্শনৰ এই মীমাংসাৰ আলোকতহে ভাৰতৰ অৱতাৰবাদ উজলি পৰিছে৷ ভাৰতৰ মনীষীয়ে কয়,—জড় পদাৰ্থক বিবৰ্ত্তনশীল উপাদানৰ সমষ্টি বুলিলেই ঠিক কোৱা নহয়। জড় পদাৰ্থ ক্ৰমান্বয়ে উচ্চতৰ অৱস্থা প্ৰাপ্ত হয় বুলিলেই প্ৰশ্ন উঠে তাক উচ্চতৰ অৱস্থালৈ নিয়ে কিহে? জড়বাদীয়ে হয়তো কব, জড়ৰ নিজা শক্তি “জড় প্ৰকৃতিৰ” বলত সি এক অৱস্থাৰ পৰা অৱস্থান্তৰ প্ৰাপ্ত হয়। এই দৰে কলেই জড় যে এক আৰু জড়ৰ শক্তি যে এক তাকে প্ৰকাৰান্তৰে স্বীকাৰ কৰা হয়। জড়ে নিজা শক্তিৰ তাড়নাত সি ঘটিকা যন্ত্ৰেৰে চালিত কোনে! খেল্ না গাড়ীৰ দৰে ঘুৰ্ম্মুটিয়াই নুফুৰে। সি চলা এটা নিয়ম বা ধাৰা আছে। এই নিয়ম বা ধাৰাৰ বাতৰি দিয়েই বিজ্ঞানে আৰু নকব খোজে৷ দৰ্শনে নেমানে৷ এই ধাৰা বা নিয়মক চলাইছে কিহে? গুৰি দিওঁতা কোনো যদি নাই, কাৰ ইচ্ছাত কেৱলে আগলৈ যোৱা গতিৰে নাওখনি ইমান সোঁতত বুকু পাতি নিজ লক্ষ্যলৈ যাব লাগিছে? কিহৰ বলত, কাৰ ইঙ্গিতত বিবৰ্ত্তনশীল পদাৰ্থই এনে নিয়াৰি
পৃষ্ঠা:সপ্তপৰ্ণ.djvu/১৩১
অৱয়ব