সমললৈ যাওক

পৃষ্ঠা:সপ্তপৰ্ণ.djvu/৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৯
চতুৰ্থ পৰ্ণ

আচলতে ল’ৰাৰ সংসাৰ জ্ঞান ইতৰৰ মানত অসম্পূৰ্ণ হলেও যে ল’ৰাটিলৈ সেয়ে সম্পূৰ্ণ। “পূৰ্ণৰ পৰা পূৰ্ণ ললে পূৰ্ণ ই বাকী থাকে।” অনন্ত পূৰ্ণতাৰ জীৱন আমাৰ,— তাৰ যি যায় সিও পূৰ্ণ, যি থাকে সিও পূৰ্ণ! ল’ৰাটি ল'ৰালিৰে পৰিপূৰ্ণ, ডেকা যৌৱনেৰে পৰিপূৰ্ণ, বুৰা বুৰালিৰে পৰিপূৰ্ণ! মানৱ এনেদৰে নিজ নিজ অৱস্থাৰে যদি পূৰ্ণ হৈয়েই আছে তেনে পূৰ্ণ মানবৰ অৰ্থ হয় কি?

 পূৰ্ণ মানব মানে সিবিলাকে সম্ভৱতঃ বুজাব খোজে—বহুমুখী প্ৰতিভাৰে আৰু অসাধাৰণ শক্তি সামৰ্থ্যেৰে জগতৰ মাজত শ্ৰেষ্ঠ মানৱ, যাতকৈ আৰু শ্ৰেষ্ঠ আছে বুলি এতিয়ালৈকে কোনেও ক’তো সন্ধান পোৱা নাই। এনে ধৰণৰ অতি অসাধাৰণ শ্ৰেষ্ঠত্বলৈ চাইয়েই কৃষ্ণক “আদৰ্শ মানৱ” পাতিব পাৰি। তেতিয়াও কবলৈ থাকে, এই—পূৰ্ণ আদৰ্শ পূৰ্ণ আদৰ্শ বুলিয়েই পূজাৰ পাত্ৰ নহয়, তাত পূৰ্ণতাৰ প্ৰকাশ গুণেহে পূজাৰ্হ। শ্ৰীমান, প্ৰভাৱান, বিভূতিমান যি কোনো আদৰ্শ ই হওক সকলো বিভূতিতেই ভগবদ্বিভূতিৰ বিকাশ। এনেস্থলত ভগবদ্বিভূতিৰ নাম নলৈ পাৰ্থিব বিভূতিৰ প্ৰশংসা কৰি ঈশ্বৰৰ প্ৰাপ্য ঈশ্বৰৰ পুত্তলিকাৰ জৰিয়তে ঈশ্বৰক নিদি পুতলাক দিয়াই হে আচল পৌত্তলিকতা। ভাৰতে পুত্তলিকাৰ পূজা নকৰে, পূজা কৰে পুত্তলিকাত প্ৰকটিত হোৱা অসীম ঐশ্বৰ্য্যশালী ঈশ্বৰৰ। শ্ৰীকৃষ্ণক ‘পূৰ্ণ মানৱ’ বুলি পূজা নকৰে, কৰে “স্বয়ং ভগবান” বুলি।