ব্ৰহ্মজ্ঞানী ঋষিয়ে কৈছিল ৰাধাকৃষ্ণৰ ৰাসমণ্ডলৰ মধু-মিলনৰ কথা, আৰু শুনিছিল মুহূৰ্ত্তে মুহূৰ্ত্তে মৰণ প্ৰতীক্ষা কৰা পৰীক্ষিতে—পতিতপাৱনী সুৰধুনীৰ পবিত্ৰ বুকুত! আমাৰ ইমান চোভা, ইমান সন্দেহ,— আমি ইন্দ্ৰিয় লালসাত ইমান মতলীয়া, ইমান অন্ধ, এইহেন ৰাধাকৃষ্ণৰ পৰম পবিত্ৰ প্ৰেমৰ তত্ত্বতো অশ্লীলতাৰ গন্ধ পাওঁ। জানি বুজিয়েই ভগবান শুকদেৱে সতৰ্ক কৰি দি গৈছে —“নৈতৎ সমাচৰে-জ্জাতু মনসাপি হ্যনীশ্বৰঃ।”—যি লোকৰ ঈশ্বৰত বিশ্বাস নাই, যি দেহাদিৰ অধীন সেই লোকে যেন মনেৰেও এই ৰাস লীলাৰ আচৰণ নকৰে৷—“মহৎ লোকে যি যি আচৰণ কৰে ইতৰ লোকে তাৰ অনুষ্ঠান কৰা বিধি যদিও, মহাদেবৰ বিষপান ইতৰৰ অনুকৰণৰ বিষয় নহয়। যদি কোনো ভক্তই শ্ৰদ্ধান্বিত হৈ এই ব্ৰজবধূ আৰু বিষ্ণুৰ বিশিষ্ট বিহাৰ অনুশ্ৰৱণ কৰে, সেই ভক্তই ভগবানত পৰা ভক্তি লাভ কৰি “হৃদ্ৰোগ” কামৰ পৰা অচিৰে অব্যাহতি পায়।”—মধুৰ ৰসৰ ৰাসলীলা কাম শক্তিৰ উদ্ৰেক কৰা কামৰ কবিতা নহয়, কামৰ উপন্যাস নহয়, ভক্তিৰ পথত প্ৰেমৰ পথত হৃদ্ৰোগ কামৰ মহৌষধি! কি সুন্দৰ, কি পবিত্ৰ এই কথা! ভক্তিমাৰ্গৰ ভাগৱত শাস্ত্ৰৰ এই ৰাসলীলা, তাত অভক্তৰ অধিকাৰ নাই। অনুৰাগ, শ্ৰদ্ধা আৰু ধৃতি নহলে যে ভক্তিৰ পথেদি যাব নোৱাৰি। শ্ৰীৰাধাৰ দৰে অনুৰাগৰ আকুলতানেজাগিলে, সেই অনুৰাগত প্ৰাণৰ বিশ্বাস আৰু হৃদয়ৰ
পৃষ্ঠা:সপ্তপৰ্ণ.djvu/১৫৩
অৱয়ব