নহয়,—অন্তৰ জগতৰ অনুভূতিৰ ধন, সি যে এক অনিৰ্বচনীয় আনন্দৰ অনন্ত পাৰাবাৰ! হিয়াৰ সকলো সন্দেহ সকলে৷ আশঙ্কা দূৰ হৈ গল। দুখ সুখ, জীৱন মৰণ, সকলে৷ ভেদ সকলে৷ দ্বন্দ্ব প্ৰেমানন্দৰ প্ৰশান্ত কোলাত পমি গল। সেই দিন ধৰি ব্ৰজগোপীলৈ ব্ৰজবালকৰ মুখত কৃষ্ণ, পিতৃ- মাতৃত কৃষ্ণ, পুত্ৰকন্যাত কৃষ্ণ, আত্মীয়স্বজনত কৃষ্ণ, নিজ নিজ স্বামীৰ মুখত কৃষ্ণ—গোটেই জগত কৃষ্ণময়। গোপিনীয়ে চুলি মেলাই চুলি চুঁচি কবৰীত ফুল গুজিছে, নিজে চালি ধৰি ধুন মাৰিবলৈ নহয়, কৃষ্ণই ভাল দেখিবলৈ; চুলি তাৰি লাহেৰে মেলাই যতন কৰিছে, চুলিৰ বৰাই কৰিবলৈ নহয়, কৃষ্ণৰ ভৰি ধুৱাই ভৰি মচি দিবলৈ! সেই দিন ধৰি—“যদ্ যদ্ কৰ্ম্ম কৰোমি তদ্ তদখিলং শম্ভো তবাৰাধনং”,—গকুলৰ গোপিনীৰ এনে অৱস্থা! কৃষ্ণক পাবলৈ সিবিলাকে আৰু তপস্যাত শৰীৰ ক্লান্ত নকৰে; কিয়নো, অনশনে উজাগৰে থকা শুনিলে কৃষ্ণই বেয়া পাব। কৃষ্ণৰ মুখখনি নেদেখিলে থাকিব নোৱাৰ৷ গোপিনীয়ে শত বছৰ বিয়াপি বুকুত বিৰহৰ জুই লৈ আনন্দ কৰিছে,—আমাৰ বুকুজল৷ বিৰহৰ জুইত কৃষ্ণৰ মুখখনি কেনে সুন্দৰকৈ জিলিকি উঠিছে। কৃষ্ণ আহোঁ বুলি অহা নাই। কৃষ্ণৰ লীল৷ মাধুৰীৰে ব্ৰজগোপীৰ হিয়৷ ভৰপুৰ। ৰাতি দিন দিঠকে সপোনে ব্ৰজগোপিনীৰ মুখে মুখে কৃষ্ণৰ গুণ কীৰ্ত্তনত কৃষ্ণ নাহিও যে আহিয়েই আছে, হিয়াৰ কৃষ্ণই হিয়৷ জুৰাই হাঁহিব লাগিছে৷ সিবিলাকৰ
পৃষ্ঠা:সপ্তপৰ্ণ.djvu/১৬৬
অৱয়ব