পৃষ্ঠা:সপ্তপৰ্ণ.djvu/১৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭৭
সপ্তম পর্ণ

নাই,—আছে হিয়াভৰ৷ বিশ্বাস, প্ৰাণভৰ৷ প্ৰেম। এয়ে প্ৰেমৰ আকুলতা, ই জাগি উঠিলে উত্তৰণৰ ধাৰ৷ ওপৰলৈ যায়, দিব্যধামৰ অৱতৰণৰ ধাৰা প্ৰেমিক ভক্তৰ শিৰলৈ নামি আহে। ইয়েই ভগীৰথৰ চেষ্টাৰ তীব্ৰতা, আৰু ভাগীৰথীৰ অৱতৰণৰ কৰুণা, — ইয়েই ভক্ত হৃদয়ৰ উপাসন৷, আৰু ভগবানৰ আশীৰ্ব্বাদ।

 প্ৰেমময়ী ৰাধা মথুৰাহাটলৈ যায় হয়, মথুৰাহাট কালিন্দী- কূলৰ কদম্বমূল নহয়, গলেই যে হৰিৰ ব্ৰজমোহন ৰূপটি চকুত পৰিব। ব্ৰজবিহাৰী কৃষ্ণ মথুৰাহাটলৈ যোৱা নাছিল, মথুৰ৷ মোহন কৃষ্ণ মথুৰাৰ ৰাজকুমাৰ,—হাটলৈ অহাৰ প্ৰয়োজন নাছিল। তেনে মথুৰাহাটৰ হৰি ক'ত?

 গ্ৰহ তাৰকাৰ আৱৰ্ত্তন বিৱৰ্ত্তনত, বিশ্ব প্ৰকৃতিৰ প্ৰশাস্ত কোলাত হৰিৰ যি কঠোৰ কোমল সুন্দৰ ধাৰা—অলপ চেষ্টাতে সি চকুত পৰি প্ৰাণ মন জুৰাই দিয়ে,—হৰিৰ আভাস পোৱা যায় পৃথিবীৰ অতি গণ্ডগোলীয়৷ জীৱ এই মানুহৰ মাজত, তাতোকৈ গণ্ডগোলৰ ঘনেৰে তাৰ হাটৰ মাজত হৰিয়ে যে সহজে ধৰা নিদিয়ে, চকুত নপৰে। হৰি তাত আছে বুলিলেও সন্দেহ জাগে। হাটখোলাত হাতখোলাৰ পৰ৷ হাতলৰালৈ, ঋষিতুল্য লোকৰ পৰা গাঁঠিকট। লম্পটলৈকে ভিন ভিন লোকৰ হৰেক ৰকম নমুন৷ ভিন ভিন মন লৈ অহা যোৱা কৰিছে৷—কোনো গৈছে নিজৰ প্ৰভুত্ব

বিস্তাৰ কৰি বুদ্ধিৰ বলেৰে নিজৰ সমৃদ্ধি, নিজৰ যশস্য৷

১২