সমললৈ যাওক

পৃষ্ঠা:সপ্তপৰ্ণ.djvu/১২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৬
সপ্তকৰ্ণ

খোজে, পদে পদে ব্যাঘাত ওপজায়। আজিও সেই বৈষ্ণবী শক্তিয়ে অসুৰৰ ধাৰা মষিমূৰ কৰি সৃষ্টিৰ ধাৰা সুকলমে বলাই লৈ যায়।—প্ৰথমতে সৃষ্টিৰ সকলো বীজ বোৱাই আনি পৃথিবীৰ মহাৰ্ণবত সৃষ্টিৰ পাতনি জুৰিবৰ প্ৰয়োজন হৈ পৰিল। পাতনি এতিয়া জোৰে কোনে? নিজে ভগবানে বিৰাট এক মৎস্যৰূপ ধৰি প্ৰথমে সৃষ্টিৰ বাট মোকোলাই দিলে। এয়ে সেই মৎস্য যুগৰ মৎস্য অৱতাৰ!—তাৰ পাচত দুটা বিৰোধী শক্তিৰ মন্থন কৰিবলৈ এডাল মন্থন দণ্ড আৰু এটি বিৰাট বহুনাৰ প্ৰয়োজন হ’ল; নহলে যে অগণন পৰমাণুপুঞ্জৰ অভাৱত সৃষ্টিৰ বিকাশ কাহিল হৈ পৰে। আকৌ ভগবান নামি আহিল কৃৰ্ম্মৰ ৰূপেৰে,—পিঠিত মন্দৰ গিৰি ধাৰণ কৰি মন্থনৰ সমস্যা সমাধান কৰি দি গ'ল। এয়ে সেই সৰীসৃপ যুগৰ কুৰ্ম্ম অৱতাৰ!—স্থলৰ বীজে প্ৰকাশ পাবলৈ প্ৰাণৰ হেপাহত আকুলি-বিকুলি কৰিছে! স্থল ক'ত,—স্থল ক’ত?—খলক লাগিছে! কোনে আজি জলৰ বুকুৰ পৰা স্থলৰ ভাগ উলিয়াই আনে? এক প্ৰকাণ্ড বৰাহৰ মূৰ্ত্তিয়ে দাঁতেৰে পৃথিবীখনি তুলি আনি স্থলচৰ জীৱকুলৰ উত্তৰোত্তৰ বৃদ্ধিৰ সুচল কৰি দি গ'ল। এয়ে সেই স্তন্যপায়ী যুগৰ বৰাহ অৱতাৰ!—ক্ৰমবিকাশৰ ধাৰাত জীৱই মানুহৰ ৰূপ পাওঁ পাওঁ হলেও, সি যেন মানুহো নহয়, পশুও নহয় অথচ দুয়োটা—এনে তাৰ অৱস্থা! জগতৰ দৈব শক্তিক সি ভয়েৰে চাবলৈ ললে। এই ভয়েই উদ্ধতৰ হৃদয়ত