যেন ৰজি যায়। ৰাধাৰ তোলনিৰ পাচত এই দুই তোল- নীয়াৰ প্ৰথম মিলন হয় বৃন্দাবনৰ পদুলিৰ দৰে ভাণ্ডীৰ বনত৷ বাৰ্দ্ধক্যত যি লীলাৰ বিকাশ হয় তাৰ বীজ ল'ৰাকালত লুকাই অঙ্কুৰ অৱস্থাত থকাৰ দৰে এই যে ৰাধা কৃষ্ণৰ প্ৰথম মিলন, ইয়াতে ৰাধা কৃষ্ণ তত্ত্বৰ সাৰ কথা লুকাই আছে৷— নন্দগোপ গৰু চৰাবলৈ ভাঙীৰ বনলৈ যাওক। কোলাৰ কৃষ্ণ ডিঙিত ওলমি গৈছে। এনেতে হঠাৎ দিগ্বিদিক কঁপাই ধুমুহাই ওন্দোলোৱা মেঘ বিজুলীৰ চিকিমিকিৰে বলাই ঢেৰে- কনিৰ কৰচনিত এক আকস্মিক আতঙ্কৰ সৃষ্টি কৰিলে। গৰু-গাইবোৰে প্ৰাণৰ ভয়ত নেজ তুলি তুলি ঢাপলি ধৰি পিয়াঁপি দিবলৈ ধৰিলে। কোলাত কৃষ্ণক লৈ গৰু আগুৰি ৰখা নন্দগোপৰ সম্বন্ধি একেবাৰেই অসম্ভৱ হৈ উঠিল। ইফালে ধুমুহাৰ কোবত মাটি ছুই ত্ৰাহি ত্ৰাহি কৰা গছ- গছনিৰ মুৰ ভুকুৱনিৰ মাজত বিজুলী ঢেকেনিৰ গিৰ-গিৰণিত অকলে কৃষ্ণকে বা গছৰ তলত থৈ যায় কোন সতে; একালে পুত্ৰ, ইফালে গো-ধন। নন্দৰাজ উভয় সঙ্কটত পৰি আকুল হ'ল! কৃষ্ণৰ মুখলৈ চাই গছ-গছনিলৈ চকু দিয়েই দেখিলে—সাক্ষাৎ প্ৰকৃতি দেবীয়ে যেন বনবালিকাৰ ৰূপ ধৰি গোটেই বননি মুখৰ মিচিকি হাঁহিৰে উদ্ভাসিত কৰি লয়লাসে আহিব লাগিছে। কাষ পালত দেখিলে— বনবালিকা নহয়, ব্ৰজধামৰ ৰাধিকা! ক'লা মেঘৰ বিজুলী যেন কলীয়াৰ ৰাধাই বিজুলীৰ বেশেৰেই জিলিকি আহিছে?
পৃষ্ঠা:সপ্তপৰ্ণ.djvu/১৪৫
অৱয়ব