পৃষ্ঠা:সপ্তপৰ্ণ.djvu/১৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৭
পঞ্চম পৰ্ণ

হয়েই নে তেনে লক্ষণৰ অন্য ৰোগীকো অন্য ৰোগীকো সেই ঔষধেৰে নিৰাময় কৰা দেখা যায়। কেনেকৈ কি প্ৰকাৰে এই অঘটন ঘটে?—এনে বিলাক পাতি কথালৈ ভগবানক কোনো মতেই টানিবৰ মন নেযায়। নগলেও উপায় নাই।—ই যে অজান্তীৰ জ্যোতিৰ কণিকা এটি মস্তিস্কৰ তীব্ৰ আকুলতাত জিলিকি পৰিছে; ই যে বিৰাট চৈতন্যৰ জান্-নেজান্ চমক এটি আমাৰ মস্তিস্কৰ খণ্ড চৈতন্যত প্ৰকাশ পাইছে;– এই বুলি নকলে আৰু যে প্ৰকাশ কৰিব নোৱাৰি। কথাটি আমালৈ অতি সামান্যৰো সামান্য হব পাৰে; দয়াময়ৰ দয়ালৈ ক্ষুদ্ৰাক্ষুদ্ৰৰ বিচাৰ নাই,—এই দৰে এই দৰেই বৈ বৈ আহে!—মানুহ প্ৰগতিশীল জীৱ, তাৰ অন্তৰতো ক্ৰমবিকাশৰ ধাৰা আছে। মনত আকুলতা জাগিলেই অজ্ঞানে আন্ধাৰ কৰি ধৰা দুৱাৰ খনি মুকলি হয়, আৰু সেই পোনেই জ্ঞানৰ পোহৰ প্ৰবেশ কৰি আকুলতা শান্ত কৰেহি। আমাৰ মনেই যাবতীয় জ্ঞানৰ ভাণ্ডাৰ নহয়, যেতিয়া সি একান্ত ভাবে কিবা জানিব খোজে তালৈ সেই অখণ্ড জ্ঞানৰ ঢৌ একোটি আহি আলোকেৰে ঢৌৱাই যায়। তেতিয়াই সেই বিষয়ৰ জ্ঞান পৰিষ্কাৰ হৈ ফুটি পৰে। আমাৰ মনলৈকো এই দৰেই ভগবানৰ দয়া আহিয়েই থাকে। আকুলতা তীব্ৰ হলেই সি অসাধাৰণ-জ্ঞান, দিব্য-দৰ্শন, সপোনৰ মাজেদি আশ্চৰ্য্যজনক আধ্যাত্মিক পৰশ পাইয়ে থাকে।