সমললৈ যাওক

পৃষ্ঠা:সপ্তপৰ্ণ.djvu/১৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭৬
সপ্তপৰ্ণ

ইয়াৰ উত্তৰ্ণৰ আকুলতাৰ তুলনা নাই,—অতি গভীৰ, অতি মহৎ! ইয়াতো যেন তথাপি কিবা এটি দীনে মহতলৈ চোৱাৰ গন্ধ, ৰিক্তই পূৰ্ণলৈ চোৱাৰ ভাব ৰৈ ৰৈ গৈছে।

 ৰাধাৰ আজিৰ আত্মনিবেদনত, আজিৰ “নিয়াঁ পাৰে কৰি” কথাষাৰিত এই আত্মসমৰ্পণৰ সকলো আছে,—নাই তাৰ ৰসহীনতা, নাই তাৰ মাদকতা, নাই তাৰ দৰিদ্ৰতা। ই যে হৃদয়ৰ স্বামীক, প্ৰাণৰো প্ৰাণক প্ৰাণেৰে জনোৱা আত্মনিবেদন। ই যে প্ৰেম! প্ৰেমৰ আত্মসমৰ্পণৰ বাণীয়েই এনেকুৱা!—তাৰ সৰল, তাৰ তীব্ৰ এনে এটি প্ৰাণৰ দাবী, এনে এটি অলঙ্ঘ্য অনুৰোধ আছে, যাক পালন নকৰি প্ৰেমিক থিৰেৰে ৰব নোৱাৰে।—যিসকল জীৱমুক্ত পুৰুষে ভগবানক প্ৰেমেৰে মাতি পাইছে সেই সকলোৱেই একে সুৰে কব লাগিছে—মাত, প্ৰেমেৰে মাত, ভগবানে মাত দিব।—বাহিৰৰ চোতালত উমলি থকা ল’ৰা ছোৱালীয়ে কেতিয়াবা ধেমালিত মাকক “আই আই” বুলি মাতি থাকে, মাকে হয়তো ওলায়ে নেচায়। কেতিয়াব৷ যদি প্ৰাণৰ সকলো ভাৰসাৰে হিয়া খুলি তীব্ৰ হুতাহত ‘আই’ বুলি চিঞৰ এটি মাৰে, তেতিয়াই মাকৰ মন চেবাই যায়, দহ- বন কাতি কৰি থৈ ‘কেলেই মোৰ সোণাই’ বুলি চুলি মেলি লৰি আহে। লৰি নাহি পাৰে নে? ই যে প্ৰেমৰ ৰাজ্যত প্ৰাণৰ মাতোন!— ইয়াত যাগ যজ্ঞৰ আড়ম্বৰ নাই, চিত্তবৃত্তি নিৰোধৰ শুষ্কতা নাই, শব্দৰ ঝঙ্কাৰ নাই, বাক্যৰ অলঙ্কাৰ