পৃষ্ঠা:সপ্তপৰ্ণ.djvu/১৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৯
পঞ্চম পৰ্ণ

নাই,—দয়া নাই, মায়া নাই৷ জুইত হাত দিলে হাত পোৰে,—অজানলৈকো ক্ষমা নাই, – কি কঠোৰ এই শাসন! অথচ, ইমান কঠোৰতাৰ মাজত মানুহৰ ইচ্ছাক এটি সুৰুঙ্গা দি এফেৰিমান স্বাধীনতা দিছে। ইচ্ছা হলে মানুহে ভগৱানক মানিব পাৰে, ইচ্ছা নহলে নেমানিৰ পাৰে। আমি পাহৰি যাওঁ গবানক ইচ্ছাৰে মানি আনন্দ পাবলৈকে বুলি আমাৰ এই স্বাধীনতা! হাঁহি উঠে,—মদৰ এই এফেৰি জাল লাগি এই অকণমানি স্বাধীনতাৰ দম্ভত মানুহে ভগবান পৰ্যন্ত গিলি পেলাব খোজে!— ভগবানে স্বাধীনতা দি উদাসীন হৈ থাকিব নোৱাৰে, তেওঁৰ সৃষ্টি নৰয়, প্ৰেমৰ লীল৷ যে বীভৎস হৈ যায়। আঁৰে আঁৰে থাকি নিতে নিতে আকাৰে ইঙ্গিতে ফালৰি কাঢ়ি যোৱা অজান সন্তানক বাটলৈ টান দিবই লাগিছে। এই টান, এই বতাহৰ বা অনাদি কালৰ পৰা আমালৈ আহিছে,আমাৰ ইচ্ছা নাই,—কোঠাৰ দুৱাৰ মাৰি চলা নচলাৰ কথা লৈ বতাহৰ বিৰুদ্ধে অভিযোগ কৰোঁ৷ অকল নিৰ্ম্মল চিত্তত জ্যোতিৰ জিলিকনি স্বৰূপে নহয়, মানুহৰ শৰীৰৰ মাজেদিও সমষ্টিৰ দৰে ব্যষ্টিলৈ আহিয়েই থাকে,—এই অহাৰ শেষ নাই! মতঙ্গ মুনিৰ পৰিচাৰিকা অনাৰ্য্যা নাৰী শবৰীৰ কি ভাগ্য! সদ্‌সঙ্গৰ সংস্পৰ্শত প্ৰাণৰ আকুলতা জাগি উঠিল—ভগবান আহিব। ব্যাধ ৰমণীয়ে ধ্যানত দেখিলে—নব ঘনশ্যাম সুন্দৰ মূৰতি, মুৰত জটাজাল, হাতত ধনুৰ্ব্বাণ,