কেতিয়াবা বা লোকশিক্ষাৰ কাৰণে সংসাৰৰ সমস্যা সাধন নোহোৱালৈকে কোনো লোকত ৰৈ ৰৈ যায়; তেতিয়াই অনা-কাৰণিৰ এই শক্তি, এই তেজ,—এই সাধাৰণৰ অসাধাৰণ,—ইয়াতে অসামান্য বিভূতিৰ বিকাশ দেখি শুনি ঈশ্বৰৰ বিভূতি বুলি নতশিৰে স্বীকাৰ কৰে, আৰু বিকাশৰ ভেদে কোনো কোনো অৱতাৰৰ শৰীৰত মুক্ত পুৰুষৰ আবেশ, আৰু কোনো অৱতাৰত পুৰুষোত্তম ভগবানৰ আবেশ বুলি প্ৰাণেৰে বিশ্বাস কৰি নিজ নিজ ৰুচিৰে পূজা কৰে।
এই দুই শ্ৰেণীৰ দোমোজাত আৰু এটি শ্ৰেণী আছে, সিবিলাকে ভূতে পোৱা মানুহৰ গাত কেতিয়াবা মৃগীৰোগৰ সাদৃশ্য লক্ষণ দেখিলে তাক মৃগী বুলি উৰাই দি গহীনাই কয়,—এইবোৰ ভূতে ধৰা কথা কুসংস্কাৰ! অথচ সিবিলাকৰ ঘৰত ভূত লম্ভিলে ভূতৰ ওজাৰ ঘৰলৈ ঢাপলি ধৰোঁতে তৰা নৰা ছিগি যায়। শিক্ষিতৰ ভিতৰত যিবিলাক প্ৰেত- তত্ত্ববাদী আৰু ৰোগতত্ত্ববিং সেই সকলে কয়,—ভূতে লম্ভাৰ গাত যি মৃগী লক্ষণ দেখা যায়, সি আচলতে ৰোগৰ লক্ষণ নহয়, কোনো অবাঞ্ছনীয় প্ৰেতাত্মাই বলেৰে শৰীৰ ভোগ কৰিবলৈ আহোঁতে শৰীৰৰ গৰাকীৰ লগত ভিতৰি যি আঁজোৰ-পিজোৰ লাগে সেইবোৰ তাৰ হে লক্ষণ। সময়ে সময়ে সেই অবাঞ্ছনীয় প্ৰেতাত্মাৰ আগৰ স্থূল শৰীৰৰ আকৃতি আৰু অঙ্গি-ভঙ্গি পৰ্য্যন্তও লম্ভা শৰৰীৰ সেই লক্ষণত ফুটি
৭