পৃষ্ঠা:সপ্তপৰ্ণ.djvu/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭
প্ৰথম পৰ্ণ

সেইহে সি হতাশ হৈ সেই পুৰণি কথাটি নতুনকৈ বিনাই ফুৰিছে,⸺নাই ঐ নাই,⸺অলপত তোৰ সুখ নাই।

 ইন্দ্ৰিয় সুখৰ পাচে পাচে দুখ, মনৰ তৃপ্তিৰ আঁৰে আঁৰে অৱসাদ ছাঁৰ দৰে ঘূৰি ফুৰিবই লাগিছে। এই ইন্দ্ৰিয়ৰ সুখ মনৰ তৃপ্তিৰ মাজেদি যদি এবাৰ পুৱাই উঠি আনন্দময়ৰ নাম স্মৰণ কৰাদি বছৰৰ আৰম্ভণত পৰমানন্দৰ নাম প্ৰাণ ভৰি লয়, এবাৰ যদি নামৰ মাজেদি মনটি সি কেনেবাকৈ লগাই দি বুজিব পাৰে এই স্ফূৰ্ত্তি, এই অৱসাদেৰে বছৰ বিয়াপি কাম কৰি কৰি সি দিনে ৰাতি কৰ্ম্মময় পৰমানন্দৰ হে অৰ্চ্চনা কৰিছে⸺তেতিয়াই তাৰ সকলো আকুলি-বিকুলি, সকলো বাধা বিঘিনি কাষৰি কাটে। ভাই ভুলৰ বিলাই হয় বুলিয়েই অসমৰ অন্তদেবতাই কাহানিবাই জাগি উঠি শাসন বিধান কৰি থৈছে, তাৰ যাতে আনন্দ উৎসৱৰ মাজে মাজে মূল সুৰটিও বাজি যায়, তাৰ যাতে মনৰ তৃপ্তিৰ তালে তালে বিশ্বতৃপ্তিৰ ঝঙ্কাৰ উঠে। তাৰ আনন্দৰ মাজেদি যেতিয়াই পৰমানন্দৰ প্ৰকাশ পাব, তাৰ সকলো ক্লান্তি সকলো অৱসাদ মিছা হৈ উৰি যাব⸺সকলো হাহাকাৰ সকলো উত্তেজনা চিৰমধুৰৰ মধুৰ পৰশত মধুময় হৈ পৰিব। এই খণ্ড আনন্দক অখণ্ড আনন্দৰ অভিমুখে অন্তৰ্মুখী কৰিবলৈ কেনে মধুৰ বিহুৰ বিধান! গুৰুজনলৈ

সেৱা সৎকাৰ, প্ৰিয়জনলৈ প্ৰীতি সম্ভাষণ, মন্দিৰে মন্দিৰে দেৱতা দৰ্শন, নামঘৰে নামঘৰে মিলিত কণ্ঠে হৰিনাম