চৰাইটিৰ নাম নাই, আমি দি লৈছোঁ; সুৰটিত কথা নাই, আমি খুৱাই লৈছোঁ; ক’ত থাকে আমি নেজানো। সেই বুলি চৰাইটি আমাৰ মানত কেনে সুন্দৰ, কেনে মধুৰ! কল্পনাই এইদৰেই সুন্দৰ কৰে কাৰণেই আমি বাস্তবকো কল্পনাত লৈ চাবলৈ কত কথাত কত মন মেলোঁ। স্বৰ্গৰ বৰ্ণনা পঢ়াতকৈ স্বৰ্গৰ কল্পনা কৰিহে দেখোন ভাল লাগে।
মনে কাঁইটৰ মাজৰ পৰা কেতেকী ফুল তুলি আনি মোৰ বুলি জাহিৰ কৰি বৰ ভাল পায়। নতুন বস্তু এটি পালেই সি এই প্ৰবৃত্তিৰে চিনাকি লবলৈ যায়। যেতিয়াই সেই বস্তুটিয়ে তাৰ প্ৰবৃত্তিত বাধা দিয়ে বা তাৰ বাটলৈ নাহে তেতিয়াই সেই বস্তুটিৰ মোহ আঁতৰি পৰে। মনৰ হাউচ খেৰৰ জুইৰ দৰে,⸺ভম্কৰে জলেও, সুত্ কৰে চেঁচেৰাও পৰে। ‘মোৰ বুলিবলৈ’ চল নেথাকিলে সি আমাৰ বুলিবলৈকো চায়। এই ‘মোৰ’ ‘আমাৰ’ বোলা জুতিৰে সোৱাদ কৰি আমাৰ প্ৰাণত “মই বৰ” যিটি অহং আছে ৰাতি দিন মনে তাৰ যোগান ধৰিয়েই দিন কটায়। তাৰ অহং বোলাটিক কোনো ৰকমে তৃপ্তি দিয়াৰ আশা নেদেখিলে মনৰ ‘হাউচ’ নুমাই যায়। তেতিয়াই সি বস্তু একোটি উলাই কৰি উৰুৱাই দিয়ে। তাৰ এইটি স্বভাৱ বৰ সৰ্বনশীয়া। মনৰ এই স্বভাৱেই আমাক আজি কত “ফটা কঁথাৰ সোণৰ” পৰা বঞ্চিত কৰিছে। তাৰ যেতিয়া এনে স্বভাৱো আছে, দুৱাৰ- দলিৰ সন্ধান নিদি একেবাৰেই তাক ভিতৰলৈ লৈ যোৱাই