পৃষ্ঠা:সপ্তপৰ্ণ.djvu/৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৬
সপ্তপৰ্ণ

নাই। সেই হে শ্ৰীকৃষ্ণৰ আদি জীৱনৰ এই ব্ৰজলীলাত শিশুৰ দৰে সৰল ভক্তসকলে গোলোকৰ লীলা দেখি প্ৰেমত তন্ময় হৈ নাচি উঠে। ভক্তিৰ প্ৰাৱল্যত কোনো কোনো ভক্তই মুক্তকণ্ঠে প্ৰকাশো কৰে, — ব্ৰজলীলাই ভগৱানৰ নিত্য লীলা, ব্ৰজধামেই নিত্যধাম! নিজৰ দলবল লৈ বাল্য- লীলাৰে সেই নিত্যলীলাৰ অভিনয় কানায়ে কৰি গল এই ব্ৰজধামৰ ব্ৰজলীলাত। ব্ৰজলীলা নিচেই সৰু কালৰ লীলা, তাৰ অলৌকিকতাৰে ঈশ্বৰত্ব প্ৰতিপন্ন কৰাৰ কোনো গোপন অভিসন্ধি নাই। সি অতি সহজ, অতি সৰল,—দেখি কি বিশ্বাস ওপজা শিশু সুলভ বাল্যলীলা—মধুৰৰো মধুৰ – চিৰ মধুৰ!

 সকলো অলৌকিকতাৰ মাজৰ এই মধুৰ ব্ৰজলীলা বুজিবলৈ হলে হিয়াখনি শিশুৰ সৰল হিয়াৰ দৰে কৰি লোৱাৰ আৱশ্যক। ডাঙৰ হৈ সৰু লৰাটিৰ দৰে হোৱাটি বৰ টান। বাঁহীটিৰ দৰে অন্তৰখনি ৰিক্ত কৰি দিব নোৱাৰিলে তাত বাল্যলীলাৰ মধুৰ সুৰ বাজি মুঠে। এই কাৰণেই লীলাৰ লেখেৰে ব্ৰজলীলা যেন বহু ওপৰৰ। সাধাৰণ বিদ্যাৰ অভিমানে তাক যেন ধৰিব নোৱাৰে। কম কথাত বিশ্বকবি ৰবীন্দ্ৰনাথে কোৱা নাছিল,—“যদি পরজন্মে পাইরে হতে ব্ৰজের রাখাল বালক। তবে নিবিয়ে দেব নিজের ঘরে সুসভ্যতার আলোক॥” – ব্ৰজলীলাত লম্পটে দেখে লাম্পট্য, বিদ্যাভিমানীয়ে দেখে অলৌকিকতা, আৰু ভেদাভেদহীন আবাল ব্ৰহ্মচাৰী শুকদেৱে দেখে মহেশ্বৰ বিষ্ণুৰ মধুৰ লীলা শ্ৰীকৃষ্ণৰ