পৃষ্ঠা:সপ্তপৰ্ণ.djvu/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২
সপ্তপৰ্ণ

কুঁৱলীৰ গিলিপেৰে যেন লুইতৰ হুঁতি বৈ গৈছে! তাৰ আদি ক’ত, অন্ত ক’ত একে৷ নেজানো। কেৱলে বৈ গৈছে,— ব’বই লাগিছে, — অন্ত নাই,— এক সেই চিৰ নবীনৰ অনন্ত ধাৰা।

 পুৰাণৰ চকুৰে চালে পুৰাণৰ ভাব সঁচা, ইতিহাসৰ চকুৰে চালে ইতিহাসৰ কথা সঁচা, বিজ্ঞানে যি কৈ গ'ল বিজ্ঞানৰ চকুৰে চালে সিও সঁচা। চকুৰে চাই কথাৰে কৈ অনন্তৰ শেষ কৰিব নোৱাৰি গুণেই সি অশেষ, সি অনন্ত! মানুহৰ চেষ্টাই অনন্ত জগতৰ শেষ পৰিচয় দিব পৰা হলে অনন্তৰ অত দিনে অন্তই পৰিলহেঁতেন। নিজ নিজ চকুৰে দেখা সত্যটি আচল সত্য বলি কোনোৱে যদি বৰাই কৰে কৰক। তাত বৰাই কৰোঁতাৰ নিজে দেখা সত্যৰ প্ৰতি নিজৰ অতি আস্তিকৰ ভাব, হে প্ৰকাশ পায়। কিন্তু নিজে দেখাটিহে যদি আচল সত্য বাকী সকলোবোৰ মিছা বোলে তেনে তাতকৈ ডাঙৰ মিছা জগতত আৰু কেইটা আছে নেজানো।

 কোৱাঁ তেনে, তোমাৰ নাম ধামৰ চিনাকিৰ বিশেষ প্ৰয়োজন কি? কি পুথিৰ কি প্ৰসঙ্গত কোনে তোমাক ৰচনা কৰিছিল—এই পৰিচয় জানো তোমাৰ আচল পৰিচয়? সি কেৱল তোমাৰ নামটিৰে মানুহটি উলিয়াই লব পৰা এফেৰি বহল ধৰণৰ উপৰুৱা চিনাকি। এটি মানুহক অইনৰ পৰা আঁতৰাই নিৰ্দ্দিষ্টকৈ চিনাবলৈ হলে কাৰ পুতেক কোন