পৃষ্ঠা:সপ্তপৰ্ণ.djvu/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৫
তৃতীয় পৰ্ণ

বিষ্ণুৰ বুকুত ভৃগুমুনিৰ পদ চিহ্ন জলাদি মধুৰ মথুৰাপুৰীৰ বক্ষ দেশত পুণাৰ প্ৰভাৰে জলি পৰিছে। দুৰ্দ্দান্তৰ শেষ ভাৰসা দুৰ্জ্জয় মাল বিলাকেৰে দুৰ্দ্ধৰ্ষ কংসৰাজক য’ত কৃষ্ণ বলৰামে হেলাৰাঙ্গে হত্যা কৰি পৃথিবীৰ ভাৰ পাতলালে সেই কংসটিলাই আজিও যথেচ্ছাচাৰিতাৰ নিৰ্য্যাতনৰ নিদৰ্শন দিবই লাগিছে। তাৰ পাচত শ্ৰীকৃষ্ণই ধৰ্ম্মৰাজ্য সংস্থাপন কৰাৰ লগে লগে মথুৰাপুৰী পুৰুৰ ডালে দি অহা চন্দ্ৰবংশৰ ৰজাসকলৰ হাতত পৰি নিৰ্ব্বিবাদে চলি চলি বহু কালৰ পাচত জৈন আৰু বৌদ্ধ মতাবলম্বী ৰজাসকলৰ শাসনলৈ আহে।

 জৈন সকলে সেই কালৰ মথুৰাত ভালেখিনি মন্দিৰ নিৰ্ম্মাণ কৰি নগৰখনিৰ শোভা বঢ়াইছিল। এতিয়াও তাৰ সন্ধান পৃথিবীয়ে বুকু উদঙ্গাই দিবই লাগিছে।

 সেই কালতে ভাৰতৰ আকাশত বেলিৰ দৰে প্ৰচণ্ড তেজেৰে উঠি অহা বৌদ্ধমতাৱলম্বী ৰজা সকলে নিজ কিৰণেৰে প্ৰায় সমগ্ৰ দেশ উদ্ভাসিত কৰিলে। ছেগে ছেগে উপগুপ্ত আৰু অশোকৰ মঠ আৰু স্তৰূপেৰে মথুৰা ভৰি পৰিল। আজিও মথুৰাত বৌদ্ধ কীৰ্ত্তিৰ কঙ্কাল পৰি পৰি আছে। সুদূৰ দেশৰ গ্ৰীকসকলে এই বৌদ্ধ যুগতে ভাৰতলৈ অভিযান চলাই অহিছিল। সিবিলাকৰ জিভাত পৰি মথুৰা ‘মেডৌৰা’ হ’ল। কোনো কোনো কথাত সিবিলাকৰ নাম কৰণ ৰক্ষা কৰা হৈছে যদিও, মথুৰাৰ বেলিকা সেয়ে হৈ নুঠিল। শ্ৰীকৃষ্ণৰ স্মৃতিয়ে এই নাম অলৰ কৰি গ’ল। বৌদ্ধধৰ্ম্মৰ