সমললৈ যাওক

পৃষ্ঠা:সপ্তপৰ্ণ.djvu/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৪
সপ্তপৰ্ণ


 কিছুকাল যোৱাৰ পাচত যযাতিৰ পুত্ৰ যদুৰ আজো নাতিনিয়েকে মধুপুৰৰ পৰা সূৰ্য্যবংশীয় ৰজাক নিজ ভুজ- বলেৰে ঘটুৱাই উলিয়াই দি তাত চন্দ্ৰবংশৰ প্ৰতিষ্ঠা কৰিলে। তেতিয়াৰে পৰা এই যদুবংশৰে শূৰসেন ৰজাৰ নামে নামে মধুপুৰীৰ নাম হল ‘শূৰসেনী’ বা ‘শূৰসেনক’। শূৰসেনীয়েই কালক্ৰমে, পুৰণি মধুপুৰীৰ নামৰ মোহেৰে নতুনকৈ “মধুৰা” হৈ লাহে লাহে মানুহৰ মুখত পমি ‘মথুৰা’ নামেৰে যমুনাৰ তীৰত এখনি বিতোপন ৰাজধানী হৈ পৰিল।

 কাললৈ যদুবংশৰে ভোজ ফৈদৰ কংস ৰজাই পিতাক উগ্ৰসেনক বন্দী কৰি থৈ নিজে ভোগৰ ৰাজদণ্ড লৈ পৃথিবী- খনি ভাৰাক্ৰান্ত কৰি অনেকো উৎপাত কৰিবলৈ ললে। ভালেখিনি যাদৱবীৰে লৰা ছোৱালী চপাই কোঁচাই পৰ্ব্বতে পাষণ্ডে ভয়ত ফাট মাৰিলে। এই কংসৰে কাৰাগাৰত এদিনা নিৰীহৰ উৎপীড়নত, নিদাৰুণ নিহলৰ ঘোৰ ঘৰিষণত, যি নিমাতী যাতনাই আটাহ পাৰিছিল, সেই কোলাহল শান্ত কৰি বিজুলী ঢেৰেকণিৰ গাজনিত বিজয় শঙ্খ বাজি উঠিল; অশ্ৰুৰ মলিনতা ধুই নিবলৈ, জগত জুৰি প্ৰেমৰ বান বোৱাই দিবলৈ, ব্যথিতৰ মুখত হাঁহি ফুটাই ধৰিত্ৰীক ধন্য কৰিবলৈ দৈৱকী দেৱীৰ উদৰত প্ৰেমময় কৃষ্ণৰ জনম হল। কৃষ্ণক প্ৰথমে বুকুত লবলৈ কি ভাগ্য সাধিছিল কব নোৱাৰোঁ,— সেই দিন ধৰি কৃষ্ণৰ জন্মভূমি মথুৰা পৃথিবীৰ শিৰৰ সেন্দুৰ জিলিকা দি জিলিকিবলৈ ধৰিলে। কংসৰ কাৰাগাৰ আজি