পৃষ্ঠা:সপ্তপৰ্ণ.djvu/১১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পঞ্চম পৰ্ণ

 জেঠৰ বাৰ খৰৰ চৌফলীয়া ৰ’দ,—জুই উঠিছে! গছ লতাই মুখ আমোলাই পেলাইছে! জীৱকুলৰ শৰীৰত নীৰৱে এক উচ্‌ পিচনি লাগিছে! এনেতে জিৰ্‌ জিৰ্‌ কৈ শীতল বা এছাটি বৈ শৰীৰ আৰু মন শীতলাই দি গল। চকু মেলি চাই দেখিলোঁ,—তুমি, তুমি মোৰ মাতৃ, শীতল বা বলাই লৈ আহিছ৷! আহঁ৷, আজি মোক ধীৰে শাঁতে কৈ যোৱাঁ—কানায়ে বাট নিদিলে কিয় মথুৰাৰ হাটলৈ যাব নোৱাৰি।

 সেই কালৰ কত গোপ গোপিনীয়ে, কত হাটৰুৱা বাটৰুৱাই মথুৰাৰ হাটলৈ নিৰ্ব্বিবাদে গৈ আছিল, আহি আছিল; কতই ঘাটৈৰ ঘাটেদি, নিজৰ পানচৈয়েদি, চুবুৰীয়াৰ নাৱেদি যমুনা পাৰ হবই লাগিছিল। দিন নাই, ৰাতি নাই,—জুমে জুমে মানুহৰ আয়াযাত! ক’তা এই সকলোকে কানায়েই পাৰ কৰিছিল নে? কোৱাঁ? অথবা সি কোনোবা ৰজা জমিদাৰৰ হাতত থকা মথুৰাহাট, তালৈ যাবলৈ হলে হাটখোৱা কানাইক কৰ কাটল নিদিলে যাবলৈ নিদিয়ে?—কানাই হাটখোৱাও নাছিল, যমুনা ঘাটৰ পাৰোৱায়ো নাছিল, অথবা হাটৰ হেঙ্গাৰো নাছিল। দিনে দিনে জুমে জুমে গকুলৰ গোপ গোপিনী যি বাটেদি মথুৰাৰ হাটলৈ যায়, সেই বাটেদি যোৱাত ৰাধাৰ বাধা ক’ত?—কানাই প্ৰথম মথুৰালৈ গৈছিল কংসৰ ধনুৰ্যজ্ঞত। সেই যাত্ৰাতেই