বৈষ্ণৱসকলে যি ভক্তি সিন্ধু মন্থন কৰিছিল তাতে উঠা ই এক অমৃতৰ ধাৰা শত বিপ্লৱৰ মাজতো ভক্তৰ প্ৰাণত তাৰ অমৃত বিৰিঙ্গি পৰিছে। পদে প্ৰমাণে তাৰো একো নিশ্চয় নেপাই এৰি দিলোঁ। আকৌ হয়তো ভাবিলোঁ⸺গাতে লাগি থকা বঙ্গদেশৰ পৰা কোনোবা ভক্তৰ প্ৰাণত কেনেবাকৈ লাগি অহা মধুৰ ভাবৰ এইটি জীয়া ফিৰিঙ্গটি। তাৰো একো উৱাদিহ নেপাই এই মধুৰ ভাবৰ পমে পমে খেদি খেদি আজি প্ৰায় দুহেজাৰ বছৰৰ আগৰে পৰা ৰাধাকৃষ্ণৰ প্ৰেমত মাতি উঠা দাক্ষিণাত্যৰ ‘আৱাল’ সম্প্ৰদায়ৰ কাষ চাপিলোঁ ভাবিলোঁ মধুৰ গোপীপ্ৰেমৰ এইটি সুমধুৰ তান সুদূৰ অতীতত অসমৰ কোনো তীৰ্থ যাত্ৰীয়ে প্ৰাণত লুকুৱাই লৈ আহিছিল। তাৰো সবিশেষ সন্ধান নেপাই ভাবিলোঁ⸺ই জানোচা “ৰাধা কুণ্ড শ্যাম কুণ্ড গিৰি গোবৰ্দ্ধন, মধুৰ মধুৰ বাংশী বাজে শ্ৰীবৃন্দাবন”ৰ চানেকীয়া বৃন্দাবনীয়া গীত, তীৰ্থযাত্ৰীৰ প্ৰাণে প্ৰাণে আহি অসমৰ মাতেৰে অসম দেশ জিনি ললেহি! বিচাৰি বিচাৰি পালোঁ বা নেপালোঁ। পালোঁ যদি পালোঁ⸺অমুক পুথিৰ অমুক অধ্যায়ত অমুক প্ৰসঙ্গত অমুকে লিখি যোৱা এই গীত, অথবা অমুক গৃহী বা বৰাগী ভকতে অমুকৰ পৰা আনি অসমৰ বাটে পদূলীয়ে গাই ফুৰা এইটি নাম! ঈমান দিন ঘুৰ্ম্মুটিয়াইছিল যি কুতূহলে, তাৰ তৃপ্তি হ’ল। আৰু যদি নেপালোঁ⸺আঙ্গুৰ টেঙ্গা বুলি বিচাৰিবলৈ এৰি দি ই এটা অতি সাধাৰণ উৰণীয়া গীত বুলি ভাবি মন তাপৰি এফেৰি
পৃষ্ঠা:সপ্তপৰ্ণ.djvu/৩৫
অৱয়ব