সমললৈ যাওক

পৃষ্ঠা:সপ্তপৰ্ণ.djvu/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰথম পৰ্ণ

কৰি থাকে? তাৰ মুখৰ কথালৈ ছেদ লগাৰ দৰে হাতৰ কামলৈ জিৰণি লাগে, ভৰিৰ বুলনলৈকো নৈৰ ভুলৰ দৰে একো একোটি থমকনি লাগে; নহলে যে সি নোৱাৰে। এই জিৰণি লবলৈকে সি সাধাৰণতে হৈ যে ৱাৰ তৃপ্তিৰ পাচত হবলৈ থকাৰ আদিতে তাৰ জীৱনৰ জোখ একোটি লোৱাৰ লগে লগে নতুন পুৰণিৰ দোমোজা একোটি উলিয়াই লয়। ৰাতিৰ অন্তত ধল-পুৱাতে দিনে যেনেকৈ সকলোৰে চকুত পৰাকৈ দোমোজা একোটিৰে জগাই যায়, মাহ বা বছৰে তেনে চিন অকণিও নিদিয়ে। মাহ বা বছৰৰ ক’ত ধৰণ ক’ত এৰণ তাক জানিবলৈ হলে পাঁজী পুথি মেলিব লাগে। জোনৰ মাহত ন-জোন দেখি মাহ গণিবলৈ সুচল আছে যদিও সেই সুচলত আমাৰ দেখোন সকলোৰে চল নেলাগে। কোনোৱে পাতে মাহৰ প্ৰথম⸺জোন দেখি শুক্লা দ্বিতীয়াত, কোনোৱে পাতে শুক্লা প্ৰতিপদত, কোনোৱে পাতে কৃষ্ণাত। জোনৰ নক্ষত্ৰ ভোগৰ পৰিমাণ লৈ নাক্ষত্ৰ মাহৰ লেখ লোৱা লোকৰ লেখো তেনেই কম নহয়। ত্ৰিশটি দিন ৰাতিৰ ‘সাবন' মাহেৰে আৰু ত্ৰিশটি তিথিৰ চান্দ্ৰ মাহেৰে এবছৰ ধৰিলে বেলিৰ এবছৰ হবলৈ কেবাটা দিনৰো নাটনি পৰে; সেই কাৰণে ঘূৰি ঘূৰি অহা ছটি ঋতুলৈ লক্ষ্য কৰি, পৃথিবীৰ সৰহভাগেই এটাইতকৈ বলী বেলিৰ একো একোটি ৰাশি ভোগ কৰা কালকে সৌৰ মাহ বুলি ধৰি তাৰ বাৰটিৰে বছৰ বোলে।