পৃষ্ঠা:সপ্তপৰ্ণ.djvu/১৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫৩
ষষ্ঠ পৰ্ণ

সিবিলাকৰ যৌৱন ফুটি ফুলি ফুলি পৰিছে; কামৰ কম্পন যেন মলয় হিল্লোলত হালি জালি সৰোবৰত শত চন্দ্ৰম৷ হৈ নাচি উঠ চন্দ্ৰৰ মুখে মুখে প্ৰাণৰ চুমা যাচিছে। সকলোৱে ভাবিছে, প্ৰত্যক্ষ পৰশ পাইছে, “চন্দ্ৰ মোৰ, চন্দ্ৰ মোৰ মুখত।” চুমাৰ প্ৰেমত প্ৰাণ যেন গলি যায়! কি গভীৰ তত্ত্বৰ এই দিব্য দৰ্শন। কৃষ্ণ আজি কৃষ্ণ নহয়, কৃষ্ণ জগ-জীৱন; গোপী গোপিনী নহয়, মিলনৰ আকুল জীৱকুল! জগজীৱনে জীৱক আকৰ্ষণী সুৰেৰে টানি নি মিলনৰ সঙ্গম সুখ বিলাব লাগিছে,—অংশ মধুৰ সমগ্ৰ মধুৰেৰে মজি গ'ল, অংশ সুন্দৰ সমগ্ৰ সুন্দৰেৰে মিলি গ'ল! কি সেই পৰম৷- তৃপ্তি! নদী সাগৰৰ সঙ্গম সুখ বুলিলে সেই আনন্দৰ গভীৰতা যেন পাতলি পৰে, সেই সুখৰ কল্পনাত সিমান মাদকতা আমি নেপাওঁ। পুৰুষ প্ৰকৃতিৰ প্ৰেমৰ মিলন বুলিলেই আমি তাৰ বাস্তৱতা অনুভৱ কৰিৰ পাৰোঁ, মন নাচি উঠে!—“ যুবতীনাং যথা যনি যূনাঞ্চ যুবতৌ যথা। মনোহভিমতে তদবম্মনোহভিমতাং ত্বয়ি॥’’ যুবাত যুবতীৰ আৰু যুবতীত যুবাৰ মন যেনে আনন্দিত হয়, মোৰ মনো তোমাত তেনে আনন্দিত হওক। নায়ক নায়িকাত বাজে ভগবৎ প্ৰেমৰ দৃষ্টান্ত এনে মনোহৰ আৰু নাই বুলিয়েই পুৰাণে যেন এই বিবৰণটি এনে ধৰণে জন সাধাৰণৰ মনত তুলি দিছেহি। যুবক যুবতীৰ প্ৰেম বোলাতকৈ স্বামী স্ত্ৰীৰ প্ৰেম বুলিলে কথাটি আৰু যেন বেচিকৈ জ্বলি উঠে।—ইন্দ্ৰিয়