পৃষ্ঠা:সপ্তপৰ্ণ.djvu/১০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৪
সপ্তপৰ্ণ

 ঈশ্বৰৰ অস্তিত্ব মনা ভাৰতৰ শিক্ষিত দাৰ্শনিক সকলৰ প্ৰায় সকলোৱেই শ্ৰীকৃষ্ণক পূৰ্ণৱতাৰ বুলি স্বীকাৰ কৰে। ইবিলাকৰ ভিতৰৰ যি সকল অদ্বৈতপথাবলম্বী সেই সকলৰ কোনো কোনো যাত্ৰীয়ে হয়তে৷ সুধিব পাৰে,—“জীব ব্ৰহ্মৈব নাপৰ”, জীৱই যদি ব্ৰহ্ম হয় তেনে পূৰ্ণ বা অংশাৱতাৰ বোলাৰ প্ৰয়োজন কি? এই আপত্তি উঠাৰ আশঙ্কা দেখিলে কব পাৰি,—পঞ্চভৌতিক দেহাৰ বিকাৰেই প্ৰপঞ্চ। এই প্ৰপঞ্চ বা দেহাৰ বিকাৰৰ মাজেদি নিৰ্ব্বিকাৰ ব্ৰহ্ম বা অপ্ৰপঞ্চৰ যি বিকাশ হয় সেয়েই জীৱ। পঞ্চভূতৰ তাৰতম্য অনুযায়ী সত্ব ৰজ তম এই তিনি গুণৰ সংযোগৰ হীন-ডেঢ়িত কেতিয়াবা কোনো কোনো প্ৰপঞ্চৰ আধাৰ মলিয়ন, কোনো কোনো নিৰ্ম্মল হয়; তাৰ মাজেদি ব্ৰহ্মৰ বিকাশ কেতিয়াবা নিজিলিকা হয়, কেতিয়াবা গোমোঠা হয়, কেতিয়াবা বৰকৈ জিলিকা হৈ পৰে। যি আধাৰৰ জিলিকনি এটাইতকৈ বেচি তাতে পূৰ্ণবিকাশ আৰু কমকৈ জিলিকাবিলাকত অংশ বিকাশ বুলি নকলে যে প্ৰকাশ কৰিবৰ উপায় নেথাকে। এই কথাটিকে দৃষ্টান্তেৰে ফট্‌ফটীয়াকৈ ফুটাই তুলিবলৈ কোনো কোনো মনীষীয়ে বেলোলৰ মাজেদি অহা পোহৰৰ পটন্তৰ দিয়ে। নানা বোলেৰে বোলোৱা বেলোলৰ মাজেদি অহা একেটা পোহৰকে ভিন ভিন পোহৰ যেন দেখা যায়। ফটিকৰ ধাৰ যেন নিকা বেলোলৰ মাজেদি শুধ পোহৰৰ আচল স্বৰূপ যেনেকৈ