পৃষ্ঠা:সপ্তপৰ্ণ.djvu/১২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২১
পঞ্চম পৰ্ণ

পৃথিবীৰ মুখখনি আকৌ এবাৰ পোহৰাই দি যাবলৈ বুলি আকৌ এবাৰ ভগবান নামি আহিব।

 ভাৰতৰ অৱতাৰ তত্ত্বৰ অটল বিশ্বাস ভগবান নামি আহে; অকল মানুষী তনুৰেই নহয়, প্ৰয়োজন বুজি যুগে যুগে পৃথিবীৰ বিবৰ্ত্তনৰ স্তৰে স্তৰে যুগোপযোগী জান্তব দেহেৰেও তেওঁ অৱতাৰ লৈ সৃষ্টিৰ ধাৰা চিৰ লক্ষ্যলৈ লৈ যায়। ভাৰতত অৱতাৰ অনেক হৈছিল। সকলো বিলাকতে ভগবানৰ আবেশ নহবও পাৰে। সৃষ্টিৰ কোনো কোনো সাধাৰণ মীমাংসা ভগবানৰ স্বাধৰ্ম্ম্যপ্ৰাপ্ত পুৰুষৰ দ্বাৰাও সহজে হৈ যাব পাৰে। এনে ধৰণৰ পুৰুষৰ অসাধাৰণ কাৰ্য্য কলাপ দেখি আমি অনেক সময়ত তেনেজনক মহাপুৰুষ বুলি হেপাহ নপলালে অৱতাৰ বুলিবও খোজোঁ৷ কিন্তু ভাৰতৰ ঋষি মুনিয়ে অতি গুৰুতৰ সৃষ্টি সমস্যাৰ অতি সহজ সমাধানলৈ চাই কেইটিমান অৱতাৰত হে ভগবানৰ আংশিক বা পূৰ্ণ প্ৰকাশৰ সবিশেষ প্ৰশংসা কৰিছে। এই কেউটি অৱতাৰ লেখত বেচি নহয়, দুহাতৰ আঙ্গুলিতে আছে।

 ভাৰতৰ অৱতাৰবাদত ক্ৰমবিকাশৰ ধাৰা এটি দেখি কোনো কোনোৱে পচিমীয়া বিজ্ঞ বৈজ্ঞানিক ডাৰউইনৰ ক্ৰমবিকাশৰ কথা আনি তোলেহি। আচলতে পচিমৰ ক্ৰমবিকাশৰ মতেই অৱতাৰ-তত্ত্ব নহয়৷ ক্ৰমবিকাশবাদত পদাৰ্থৰ ফালৰ পৰা চোৱা সত্য হে দেখা যায়। বিৰাট