কেনে বিভিন্ন ভাবেৰে দেখিছিল,—মল্লৰ মানত ভয়ঙ্কৰ বজ্ৰ, নৰৰ মানত নৰোত্তম, স্ত্ৰীৰ মানত মূৰ্ত্ত মদন, গোপৰ মানত আত্মীয় স্বজন, দুষ্ট ৰজাৰ মানত শাসনকৰ্ত্তা, নিজ পিতাৰ মানত শিশু, কংসৰ মানত যম, অবিদ্বানৰ মানত জড়, যোগীৰ মানত পৰম তত্ত্ব, আৰু বৃষ্ণিসকলৰ মানত পৰদেৱতা,—“মল্লানামশনি নৃণাং নৰবৰঃ স্ত্ৰীণাং স্মৰো মূৰ্ত্তিমান, গোপানাং স্বজনোঽসতাং ক্ষিতিভুজাং শাস্তা স্বপিত্ৰোঃ শিশুঃ। মৃত্যুৰ্ভো- জপতেৰ্বিৰাড়াবিদুষাং তত্ত্বং পৰং যোগিনাং, বৃষ্ণীনাং পৰদেবতেতি বিদিতে৷ ৰঙ্গং গতঃ সাগ্ৰজঃ॥”—যেয়ে যি ৰসেৰে, যি ভাবেৰে চায়, সেয়ে সেই ৰসৰ চূড়ান্ত, সেই ভাবৰ পৰাকাষ্ঠা যে কৃষ্ণত দেখে এয়ে কৃষ্ণ চৰিত্ৰৰ বিশেষত্ব! তেওঁ আমাৰ বিচাৰক, তেওঁক আমি বিচাৰত উৰাই দিওঁ; তেওঁ আমাৰ চিৰগৌৰব, অথচ তেওঁক আমি তিতিকাৰি দি থকাসৰকা কৰোঁ; তেওঁ আমাৰ চিৰ আৰাধনীয় ধন, তেওঁক আমি কলঙ্কত ডুবাই মাৰি তেওঁৰ প্ৰতিমা সাজি পূজা কৰোঁ। তেওঁ পৃথিবীৰ এক অভগন সাঁথৰ, এক অনন্ত প্ৰহেলিক৷! তেওঁ, তেওঁ যে আমাৰ ভগবান! নহলে ইমান আলৈ আথানিৰ মাজতো জলি থাকে কোন? জগত জোৰা এই উদ্ভণ্ডালি, অথচ দেশে দেশে, কালে কালে, প্ৰাণে প্ৰাণে তেওঁ যে ভগবান এই সত্য অনুভৱ হবই লাগিছে; আত্মাৰ প্ৰত্যক্ষ অনুভূতিত, সাধনাৰ চৰম সিদ্ধিত, অন্তৰ ৰাজ্যৰ ধ্যান ধাৰণাত তেওঁ ভগবান হৈ জিলিকি জিলিকি প্ৰেমৰ
পৃষ্ঠা:সপ্তপৰ্ণ.djvu/৯৩
অৱয়ব