পৃষ্ঠা:সপ্তপৰ্ণ.djvu/১৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৪
সপ্তকৰ্ণ

লগাই ক্ৰমোন্নতি সাধন কৰিছে? তেতিয়াও হয়তো বিজ্ঞানে আৰু এটি বৃহত্তৰ নিয়মৰ বাতৰি দি মুখ মাৰিবৰ চেষ্টা কৰিব পাৰে। প্ৰশ্ন যে ৰৈ যায়, নিয়ম এক, নিয়ামক এক। কাৰ বুদ্ধি, কাৰ ধীশক্তি নিয়মৰ মাজে প্ৰকাশ পায়?—জগতৰ বিভিন্ন পদাৰ্থবিলাকৰ মিলে মিলে নিয়মৰ ধাৰা একোটি দেখি আমি দেশে দেশে একোটি মত বা সিদ্ধান্ত স্থাপন কৰোঁ৷ যেতিয়াই সেই মতে আমাৰ অনুসন্ধানৰ বাঢ়ি যোৱা প্ৰশ্নৰ উত্তৰ দিব নোৱাৰে তেতিয়াই এক নতুন মতৰ প্ৰবৰ্ত্তন কৰা প্ৰয়োজন হৈ পৰে। এই মত বিলাকেই তেনে সত্য নহয়। মত শৰীৰৰ দৰে নশ্বৰ, তাৰ মাজে সত্যৰ প্ৰকাশ হলেহে সি চিৰদিন জীয়াই থাকে৷ কবিৰ ভাব প্ৰকাশ পায় ছন্দৰ নিয়মৰ মাজে, ব্যাকৰণৰ নিয়মৰ মাজে। সেই বুলি ছন্দ ব্যাকৰণৰ নিয়মেই কবিতা নহয়। এই নিয়মৰ মাজেদি কবিৰ ভাব প্ৰকাশ হলেহে এটি সুন্দৰ সমগ্ৰ কবিতা হয়; সেই দৰেই ক্ৰমবিকাশৰ নিয়মৰ মাজে দি ভগবানৰ ইচ্ছা বা ভাব প্ৰকাশ বুলি মানি ললেহে সেই মতে এটি সমগ্ৰ সত্য প্ৰকাশ কৰিব, আৰু তেতিয়াহে সি সৰ্ব্বাঙ্গ সুন্দৰ হৈ পৰিব৷

 পচিমৰ দাৰ্শনিক জনদিয়েকে ক্ৰমবিকাশৰ ধাৰাত জড় আৰু জৈব জগতৰ প্ৰয়োজনৰ উত্তৰত এক অনুকূল ক্ৰিয়াশক্তিৰ সঙ্কেত প্ৰকাশ্যে স্বীকাৰ কৰিছে। জগতৰ অম্বুকূল ক্ৰিয়াশক্তিয়েই জগতৰ বিশ্ব চৈতন্যৰ ক্ৰিয়া।