সমললৈ যাওক

পৃষ্ঠা:সপ্তপৰ্ণ.djvu/৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৭
চতুৰ্থ পৰ্ণ

জীৱনৰ এই তিনি লীলাই ত্ৰিবিক্ৰম বিষ্ণুৰ তিনি পাদলৈ মনত পেলায়। মথুৰা আৰু দ্বাৰকাৰ লীলাই জগতৰ কৰ্ম্ম আৰু জ্ঞানৰ শিৰত শিৰস্ত্ৰাণ স্বৰূপে দুই পাদ দি চিৰদিনলৈ ধন্য কৰি থলে। বাকী থাকিল ব্ৰজলীলাৰ পাদ। ভাৰতৰ ভক্তি ব্যভিচাৰী হৈ মুৰ তুলি উঠাত শিৰত ইটি পাদ দি তাক চিৰকৃতাৰ্থ কৰিলে।

 আজি কিছুকালৰ পৰা ভাৰতৰ উন্নত প্ৰদেশ এখনিত শ্ৰীকৃষ্ণক “পূৰ্ণ মানব” বা “আদৰ্শ মানব” পাতি ইতিহাসৰ চকুৰে চাবলৈ প্ৰকাশ্যে কেবা গৰাকীৰো চেষ্ট৷ চলিছে। তাৰে ঢৌ আহি আমাৰ অসমো পাইছেহি। কৃষ্ণৰ পূজা কৰিবলৈকে যদি সিবিলাকে ইতিহাসৰ ভেটিত থাপনা পাতিছে, — বৰ সুন্দৰ কথা! গীতাত শ্ৰীকৃষ্ণই কবই লাগিছে, — “মোক যি যেনেদৰে উপাসনা কৰে, ময়ো সেইদৰেই সিজনক অনুগ্ৰহ কৰোঁ।”— তাকে নকৰি যদি সিবিলাকে সকলো কাল সকলো স্থান বিয়াপি থকা কৃষ্ণক কেবলে ইতিহাসৰ সীমাৰ মাজত সুমাই লৈয়েই ইতি বুলিব খোজে, আৰু সেই উদ্দেশ্যেৰে সিবিলাকৰ ৰুচিৰে যুক্তিৰ ধাৰত নপৰা শ্লোকবিলাক প্ৰক্ষিপ্ত বুলি উৰুৱাই দিয়ে, অথবা ৰাসলীলাৰ দৰে অতি পবিত্ৰ গভীৰ ৰহস্যৰ লীলা একোটিকো “বল্‌ডান্সৰ” শ্ৰেণীলৈ টানি আনি ইতিহাসৰ বৰাই কৰে, তেতিয়৷ সিবিলাকৰ কথাত হয় দিবলৈ কেনিও উপায় বিচাৰি নেপাই সঁচাসঁচিকৈ দুখ লাগে। মনে মনে আশঙ্কাও জাগে, —সিবিলাকৰ দৰে বিজ্ঞ বিচক্ষণ