পৃষ্ঠা:সপ্তপৰ্ণ.djvu/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰথম পৰ্ণ

কলাকলে টুটি টুটি মৰ আঁউসীৰ দিনা মৰি যায়; সি উপজি উপজি কিমান মৰিছে তেওচোঁ মাহৰ অন্ত নাই; উপজিয়েই জোনে নতুনকৈ দেখে নতুন হাঁহিৰে আকৌ সেই নতুন মাহ! বসন্তৰ শিশুলীলাৰে বছৰে নিজৰ জীৱনৰ পাতনি জুৰি লাহে লাহে ফুলে ফলে তমস্কাৰ হৈ শেহত শীত শীতলীয়া মৰণৰ ছবিটিৰে বাৰটি মাহৰ মেৰ এটি দি দেখিলে কি?⸺অনাদি অনন্ত কালৰ ধাৰা, সি আৰম্ভণত যি অনন্ত যি নতুন, অন্ততো অবিকল সেই অনন্ত সেই নতুনেই! নিজে নিমিষে নিমিষে নিত্য নতুন প্ৰকাশেৰে প্ৰকাশিত হৈ হৈ যাবই লাগিছে। লাভৰ ভিতৰত বছৰে যাবৰ বেলিকা বৰ ঘৰলৈ চাউল এমুঠি মাৰি থৈ যোৱাৰ দৰে ধ্বনি এটি থৈ গল⸺কাল অনাদি,⸺তাৰ ক্ষয় নাই, পুৰণি নাই, মৰণ নাই,⸺সি নিতে নতুন!

 এইদৰে এইদৰেই বছৰৰ পাচত বছৰ গৈ একোটি যুগ যাব। যুগৰ পাচত যুগ গৈ একো একোটি মন্বন্তৰ যাব। এটি দুটিকৈ সাতোটি মন্বন্তৰৰ পাচত এটি কল্প। কল্পৰ অন্তত মহাৰুদ্ৰৰ প্ৰলয় শিঙ্গা বাজি উঠিব। বেলি নুমাই যাব। অন্ধকাৰৰ হাহাকাৰত বিধ্বংসীয়া ধ্বংসৰ লীলাই জগত চূণচাত্ কৰিব। তাৰ পাচত, তাৰ পাচত প্ৰলয়ৰ ধুমাৰ্জয় ধুমুহা বৰষুণৰ সুৰুঙ্গাই আকাশৰ নীলিমাই চিকোণ মুখেৰে মিচিকি হঁহাদি এক অভিনৱ সৃষ্টিয়ে নতুন হাঁহিৰে দেখা দিব। তেতিয়াও অনাদি কাল নতুন হৈয়ে থাকিব।