পৃষ্ঠা:সপ্তপৰ্ণ.djvu/১১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৪
সপ্তপৰ্ণ

ক্ষমাৰ মূৰতিৰে ধাৰণাতীত ভগবানৰ সাকাৰ মূৰ্ত্তি বিচাৰে তেনে স্থূল জগতত কৃষ্ণত বাজে দেখুৱাই দিবলৈ আৰু যে দ্বিতীয়টি নাই। অন্য অৱতাৰত ঈশ্বৰৰ স্বাধৰ্ম্ম্যপ্ৰাপ্ত কোনো মুক্ত পুৰুষৰ আবেশ হব পাৰে, অথবা বিষ্ণুৰ আবেশো হব পাৰে, কিন্তু অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী হৰিৰ আবেশ একমাত্ৰ কৃষ্ণতেই সম্ভৱ গুণেই ভাৰতৰ ভক্তসকলে “কৃষ্ণস্তু ভগবান স্বয়ং” বুলি হৃদয় বেদীত আসন পাতি আজিও প্ৰাণ ভৰি ভৰি পূজা কৰিছে।

 কোৱাঁ,—কোৱাঁ মা! এই পূৰ্ণাৱতাৰ ভগবান শ্ৰীকৃষ্ণকে আপোনাৰো আপোন ভাবি ভাৰতৰ ভক্তবৃন্দই যে প্ৰেমৰ ৰসত আপ্লুত হৈ “নন্দৰ কানাই” বা ‘কানাই’ বুলি মাতে, তুমি সেই কানাইৰে কথা কব খোজা নাই নে?—তুমি হাঁহিছা?—তোমাৰ হাঁহিত ভুবন যেন জিলিকি পৰিল! ই আজি কি? ই কি মা! তোমাৰ হাঁহিটিৰ বিজুলী চমকত ওপৰৰ নীল আকাশ খনি যেন উৰি গল;—চাপি কুঁচি মহাশূন্যৰ মাজত এক যেন সুনীল মূৰতি জলি উঠিল! দূৰৰ ৰামধেমু খনি মুৰৰ ওপৰত ম’ৰা পাখিৰ দৰে জিল মিল কৰিছে! বেলিৰ সোণালী কিৰণৰ কাচনেৰে কেনে তুলি ধৰিছে! কাৰ, কাৰ এই বিশ্বমোহন মূৰতি? কোৱাঁ, মা, কাৰ?—মা, মা! কলৈ গ’লা?—লুকাল, লুকাল, চকুৰে চাওঁতে ছবিটি লুকাল!—তুমিও লুকালা!—উলিয়াই দিয়াঁ, জলাই দিয়াঁ আৰু জলাই দিয়াঁ। মই যে মনিবলৈ লৈ