সমললৈ যাওক

পৃষ্ঠা:সপ্তপৰ্ণ.djvu/১৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৮
সপ্তপৰ্ণ

তাত আতঙ্ক নাই, আছে প্ৰাণভৰা আশ্বাস! এই জীৱন্ত বিজুলীৰ অচল চমকত যেন কিবা এক লুকোৱা কথাৰ সম্ভেদ মনৰ মাজত উজলি উঠিল! ভাব গদ্‌গদ্ সুৰেৰে নন্দ ৰজাই কবলৈ ধৰিলে, – “আহাঁ, মা, গৰ্গমুনিৰ মুখে মই তোমাৰ জন্ম-জন্মান্তৰৰ বাতৰি শুনি থৈছোঁ। তুমি মোৰ কৃষ্ণৰ,লক্ষ্মীতকৈও প্ৰিয়— অতি আপোন। তোমাৰ কোলাত মোৰ কোলাৰ কৃষ্ণ থৈ যাওঁ।”— এই বুলি যেই ৰাধাৰ কোলালৈ কোলাৰ কৃষ্ণক দি দিলে, সেই যেন পৃথিবীত নীৰৱে মহানন্দৰ উৰুলি জোকাৰে জোকাৰে উঠি গ'ল! বিশ্ব প্ৰকৃতিয়ে পুলকানন্দত ৰোমাঞ্চিত হৈ গাবলৈ ধৰিলে। –“আনন্দম্, আনন্দম্!” এক সুৱদি শান্তিৰ অমিয়া মাধুৰীয়ে অসীম সৌন্দৰ্য্যেৰে আকাশ পাতাল যেন জিনি পেলালে! দেৱমন্দিৰৰ আৰতিতকৈও সি কি মধুৰ, কি মহান! বিজুলী ঢেৰেকনি এই আনন্দৰ ধ্বনিত নিজমি নিমাত হৈ গ’ল! ৰাধাই কৃষ্ণক বুকুলৈ সাবটি লৈ আনন্দত আকুল হৈ সেই ভুবন জিনা মুখ খনিত লাখে লাখে চুমা দিবলৈ লাগিল! সেই চুমাৰ শেষ নাই, সেই সুখৰ যে অৱধি নাই,—সেই আনন্দৰ বিৰাম ক’ত!

 নন্দ গৰু আগুৰিবলৈ গৈ নেদেখা হ'ল! ইতি মধ্যতে যোগমায়াই ৰাধা কৃষ্ণক মাজত লৈ এক অভিনৱ ৰাসমণ্ডলৰ সৃষ্টি কৰিলে। নানা বৰণৰ গছ লতাৰে সুশোভিত এটি ৰত্ন-মণ্ডপ,— তাত অগণন ফুল শয্যা,—তাৰে মালতী মালাৰ