পৃষ্ঠা:সপ্তপৰ্ণ.djvu/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৬
সপ্তপৰ্ণ

বেলিটি মাৰ যোৱাৰ লগে লগে ভাৰতৰ সনাতন ধৰ্ম্মৰ শঙ্খ ঘণ্টাৰ আৰতিয়ে আকৌ মথুৰা জিনি পেলালে। এইবাৰ আগৰ দৰে শৈব বা সৌৰ মন্ত্ৰেৰে নহয়,⸺ৰাধা কৃষ্ণৰ প্ৰেম কীৰ্ত্তনেৰে⸺কিছুকাল থমকি নিজানে ৰজা ৰাধা কৃষ্ণৰ প্ৰেমৰ মুৰুলী মন্দিৰে মন্দিৰে ৰূ ৰুৱাই বাজিবলৈ ধৰিলে।

 এইদৰে প্ৰায় এহেজাৰ বছৰৰো ওপৰ কাল কাটি গলত, আঠ শ বছৰ জোৰা মছলমান সকলৰ দিন আহি পৰিল। এই কালত মথুৰাৰ ভালেমান প্ৰাচীন কীৰ্ত্তি অনাদৰত আৰু আক্ৰোহত ভাগি চূৰমাৰ হ’ল। ভিন ভিন ৰজাই নিজৰকৈ নিজক সজাবলৈ বুলি মথুৰাৰ অতুল ঐশ্বৰ্য্য ভাঙ্গি গঢ়ি নতুন কৰিলে। তাৰ পাচত আজি প্ৰায় দেড় শ বছৰৰ আগতে মথুৰা বৃটিচ শাসনলৈ আহে। যমুনা তীৰৰ নীলা নীলা কেলি কদম্বৰ ঠায়ে ঠায়ে, তাল তমালৰ জোপে জোপে বগা ধক্ ধক্‌ধকীয়া পকীঘৰে মুৰ তুলি গোটেইখন জুৰি ল’লেহি। বাণিজ্য আৰু বিভূতিৰ প্ৰতিযোগিতাত ইটিতকৈ সিটি পকীঘৰে আকাশ ভেদি জক্‌মকাবলৈ ধৰিছে। শেঠ সকলৰ বদান্যতাত ফুলি উঠ৷ ‘যমুনা বাগৰো’ ফুলাম ঘৰটি চালে চকুৰোৱা হৈ গ’ল। বৰ্ত্তমান যুগৰ ধৰণে কৰা ‘হাৰ্ডিং গে’ট’খনিৰ ওপৰৰ ঘটিক। যন্ত্ৰটিয়ে যন্ত্ৰযুগৰ জয় ঘোষণা কৰিছে। ইমান জয়-জয় ময়-ময়, ইমান জাক জমক্‌! অথচ একালত অশেষ ঐশ্বৰ্য্যেৰে প্ৰকাণ্ড মন্দিৰৰ মাজত