সমললৈ যাওক

পৃষ্ঠা:সপ্তপৰ্ণ.djvu/১৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪২
সপ্তপৰ্ণ

পৰশনত মাতৃত্বৰ সকলো সুৱদি ফুটি নপৰে নে? সি যে পৰক প্রথমে আপোন কৰি লোৱা প্ৰেমৰ এক পবিত্ৰ পৰশ!— অশ্লীলতা কোনো পদার্থ বা কথাত নেথাকে, অশ্লীলতা থাকে মানুহৰ মনত।

 এদিনা মূৰ্ত্তমান বসন্ত মাদকতাৰ সকলো তেজ সকলো সম্ভাৰেৰে জিকাৰি উঠিল, কামৰ সকলো উদ্দীপনা পূর্ণ বেগেৰে পলকে পলকে উতলি উঠি মন বলিয়া কৰিলে, পৰ্ব্বতনন্দিনীয়ে কামৰ উপচাৰ লৈ বকুল ফুলৰ সাতসৰি পিন্ধি ইন্দ্রিয় প্রলোভনৰ সকলো সুষমাৰে জগৎ পিতা মহাদেৱৰ মন ভুলাবলৈ গ'ল। কি সেই লাস বেশ! কি সেই খোজৰ লাহ! খোজে খোজে যেন মুনিৰ মন টানি নিয়ে,— যোগীশ্বৰ এই ঢলে ঢলে,— কামে এই নিয়ে নিয়ে—! ধ্যানৰ মন চঞ্চল হ’ল! — হঠাৎ কপালৰ অনল ভম্ কৰে জ্বলি উঠিল, কাম চকুৰ পচাৰতে ছাই হৈ গল ! —তাৰ পাচত প্ৰেমৰ সুবিমল কিৰণত পৰ্ব্বতনন্দিনীৰ গাত জগন্মাতাৰ মমতা জিলিকি পৰিল, সেই মমতাৰ মাদকতা নাই, ইন্দ্ৰিয় সুখৰ লালসা নাই, —আছে প্রাণ ভৰা প্ৰেমৰ টান, আছে ঈশ্বৰ প্রীতিৰ প্ৰবল হাবিলাষ, আছে দেৱতা পূজাৰ অমিয়া মাধুৰী —জগৎ পিতাই বুকুলৈ টানি নিলে; আনন্দময়ীৰ আনন্দ মিলনত নিৰানন্দ স্বৰ্গলৈ আনন্দৰ ধাৰা বৈ আহিল। এই মিলনতে কামে অশৰীৰী হৈ জনম পালে, বিশ্ব ব্রহ্মাণ্ড আনন্দেৰে পৰিপূৰ্ণ হ'ল! — এই যে জগৎ পিতা আৰু