পৃষ্ঠা:সপ্তপৰ্ণ.djvu/১৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮৮
সপ্তপৰ্ণ

মৰে হয়, আকাশৰ পিণ্ডাকাৰ জোনে সিপোনে নিশাই দিনে মহা ফূৰ্ত্তিৰে সুহুৰিয়াই ফুৰে। আমি যাক আনন্দ বিষাদৰ, জীৱন মৰণৰ বিপৰ্য্যয় বোলোঁ, সি ছাঁয়াৰ দৰে এই আহে, এই যায়। খণ্ড খণ্ড কৃষ্ণ মেঘ আকাশৰ কোলাত উৰি উৰি ফুৰিছে, মেঘ কৃষ্ণ বুলিয়েই আকাশ কৃষ্ণ নহয়। তাৰ কৃষ্ণ মেঘ মায়াৰ দৰে এই আহি গুচি যায়,—যোৱাৰ পাচত কালিমাই তাৰ আকাশৰ নীলিমা জিলিকাই দিয়ে। স্বাৰ্থৰ আঘাতত মনৰ যি বিষাদে কান্দি উঠে, আসক্তিৰ আঁজোৰত, অহমিকাৰ মোহত মনৰ যি আক্ৰোহে চিঞৰি উঠে, মৰণে সেই বিষাদ সেই আক্ৰোহ মাৰি মচি কাচি আমাৰ চিৰমুক্ত আকাশৰ জাল কাটি মুকলিকৈ এৰি থৈ যায়। মেঘৰ সিলুটিয়ে নিজৰ নীলিমা লৈ অনন্ত আকাশে অনন্ত কাল হাঁহিবই লাগিছে। এই বিষাদ, এই মৰণ জগতৰ আচল ৰূপ নহয়। তাৰ আচল ৰূপ—“আনন্দ ৰূপমমৃতং যদ্বিভাতি।”—মথুৰাহাটৰ বিষাদ আৰু মৰণৰ অন্তৰালত আনন্দৰ জিলিকনিৰে পৰমামৃতৰ এই যে স্বৰূপ, যি বিশ্ব ব্ৰহ্মাণ্ডক অনন্তকাল পৰমানন্দত মগ্নকৈ ৰাখিছে, সেয়ে মথুৰাহাটৰ হৰি!

 সত্য স্বৰূপৰ সৎ, জ্যোতি স্বৰূপৰ চিৎ, আৰু অমৃত স্বৰূপৰ ভূমানন্দেৰে কাৰণ জগতৰ বিশ্বৰূপ যেতিয়৷ জাগ্ৰত হৈ একাধাৰে চিত্তাকাশত সহস্ৰ সূৰ্য্যৰ শান্ত তেজেৰে তিৰবিৰাই উঠিব, সেয়ে মথুৰাহাটৰ সীমাৰ মাজৰ অসীম প্ৰকাশ।