পৃষ্ঠা:সপ্তপৰ্ণ.djvu/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫২
সপ্তপৰ্ণ

বা ব্যঞ্জনাত তোমাৰ অৰ্থটি লুকাই আছে। ৰবা, ৰবা, তেনে শুনা মোৰ মাতৃ! মই আকৌ কৈ যাওঁ, তুমি শুনি যোৱাঁ,⸺মথুৰালৈ প্ৰাণ খুলি গলে যেনেকৈ কৃষ্ণ প্ৰেমৰ মধুৰ স্মৃতিৰে প্ৰাণ ভৰাই কোনো লোক কৃষ্ণ প্ৰেমানুৰাগী হৈ পৰিব পাৰে, আৰু লগে লগে তেওঁৰ মথুৰা হাটৰ কাৰ্য্য সিদ্ধিও হয়,⸺এই মথুৰাক বুকুত লৈ থকা এনে এখনি প্ৰকাণ্ড ঠাই আছে য’লৈ গলে সেই দৰেই ভগবানৰ কাৰ্য্য দেখি কাৰণ সত্তাৰ বিশ্বাসেৰে ঈশ্বৰৰ মুখে উন্মুক্ত প্ৰাণ ধৰ্ম্মানুৰাগী হৈ আনন্দেৰে পৰমানন্দ ধামলৈ গতি কৰিব পাৰে, আৰু লগে লগে সংসাৰযাত্ৰাও সাৰ্থক হয়। মোক্ষৰ সোপান যেন এই হেন মধুৰ মথুৰা পাই মানুহে আজি তাত কৰিছে কি? স্বাৰ্থৰ ছলনাই, অহমিকাৰ দম্ভই প্ৰয়োজনৰ জনৰ নামত এখনি হাট পাতি তাত ৰাতি দিন কিনা বেচাৰ কেৰ্জেৰণি, টনা আজোৰাৰ ৰেক্‌কেনি, এক হকাহুনাৰ হৈ চৈ তুলি ভয়ঙ্কৰ কোৰ্হাল পাতিছে। পবিত্ৰতাৰ যি খনি বীণা তাত বাজিব লাগিছে,⸺তাৰ প্ৰাণ শীতল কৰা মধুৰ মূচ্ছনা কেইজনৰ কাণত পৰিছে? আমাৰ এই প্ৰকাণ্ড সংসাৰখনি এনে এখনি মথুৰাৰ হাট নহয় নে?⸺হৰিৰ স্মৃতি তাৰ অন্তৰৰ বীণা, হাট তাৰ বাহিৰৰ হাহাকাৰ! সাধনাৰ সফলতাৰ সহস্ৰ সুবিধাৰে এই সংসাৰ, অথচ তাত স্বাৰ্থান্ধ অহমিকাই ভোগৰ নামত এই সুবিধা গিলি ধৰি কত জীৱন বলি দি ব্যৰ্থ কৰিছে। সঙ্গীতৰ বনি লৈ সি