সমললৈ যাওক

পৃষ্ঠা:সপ্তপৰ্ণ.djvu/১০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৬
সপ্তপৰ্ণ

ঠাই লব পাৰে, ভগবানে ঠাই লবলৈ বাধা থাকিল কি? আমাৰ সাধাৰণ কথাত ‘লম্ভা' যি, সংস্কৃতত “আবেশো” সি। লক্তা শব্দ ভূতৰ বেলিকা খাটে কাৰণে কোনো সিদ্ধপুৰুষ বা ভগবানৰ বেলা আবেশ বোলাই শিষ্টাচাৰ।

 জানি বুজি দ্বৈতবাদী হোৱা শিক্ষিত ভক্তসকলে মানি লয়—ইচ্ছা আৰু কৰ্ম্মৰ বাসনাৰ বলেৰে আত্মাই দেহান্তৰ গ্ৰহণ কৰি নিজ নিজ অভিলষিত কৰ্ম্মফল ভোগ কৰে; প্ৰয়োগ মনোবিজ্ঞানৰ আলোকত সিবিলাকে দেখি শুনি আৰু বিশ্বাস কৰে, যোগী ঋষিৰ কথাই নাই সাধাৰণ লোকেও অভ্যাসৰ বলত নিজৰ ইচ্ছাশক্তি চালনা কৰি অন্য শৰীৰৰ ৰোগ নিৰাময় কৰে, আৰু ইচ্ছা অনুযায়ী কামো কৰাই লয়। যোগী ঋষি সকলৰ যোগৰ বলত দেহান্তৰ আশ্ৰয় কৰা কথাৰ সবিশেষ প্ৰমাণ পাই সিবিলাকে যেতিয়া দেখে—কেনিও ক’তো অসাধাৰণ শিক্ষা বা অলৌকিক সামৰ্থ্যৰ নিদৰ্শন নাই, অথচ ৰক্ত মাংসৰ লোক এজনে শৰীৰেৰে সাধিছে সাধাৰণে সাধিব নোৱাৰা জগতৰ অতি অদ্ভুত মঙ্গলজনক কাম, মুখৰ কথাৰে ফুটাই তুলিছে সংসাৰৰ অতি জটিল সমস্যাৰ প্ৰাঞ্জল সমাধান, শত অপমান শিৰত লৈ বাট হেৰোৱা বাটৰুৱাক অলক্ষিতে টানি নিছে অসীমৰ স্নিগ্ধ আলোকলৈ;—আৰু যেতিয়া দেখে এই অসাধাৰণ শক্তি বা তেজ কোনো লোকলৈ অতিথিৰ দৰে আহি চিন চাব মাৰি গুচি যায়,