সমললৈ যাওক

পৃষ্ঠা:সপ্তপৰ্ণ.djvu/১৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫৭
ষষ্ঠ পৰ্ণ

ব্ৰহ্মত্বৰ বিকাশ সিবিলাকৰ নিজ নিজ প্ৰিয়জনে এই পিয়াহ পলুৱাব নোৱাৰে, সিবিলাকে প্ৰাণে প্ৰাণে নজনাকৈ বিচাৰিছে এক সম্পূৰ্ণতাৰ সুপ্ৰকাশ, এক অনাবৃত ব্ৰহ্মৰ পূৰ্ণজ্যোতি! নিজৰ স্বামীত দ্বেষ দিলে, ক্ৰোধ দিলে, সি সদায় অনুগ্ৰহ হৈ ঘূৰি নাহে,—দ্বেষৰ প্ৰতিদান দ্বেষৰ অত্যাচাৰ, ক্ৰোধৰ প্ৰতিদান ক্ৰোধৰ হাহাকাৰ। ব্ৰজৰমণীয়ে ব্ৰজবিহাৰীলৈ লৈ গৈছিল কাম, পূজাৰ প্ৰসাদ পালে কি?—কামৰ সলনি কাম নহয়, কামৰ বিনিময়ে ভুবন জিনা প্ৰেম! দৰ্শনৰ যি ধ্যানৰ ধাৰণা, তাকে ফটফটীয়াকৈ অতি সহজকৈ দেখুৱাই দিলে অঘটন ঘটোৱা যোগমায়াৰ অসীম কৃপাই;—ইপিনে কৃষ্ণ, সিপিনে কৃষ্ণ, অন্তৰে কৃষ্ণ, বাহিৰে কৃষ্ণ, সমুখত কৃষ্ণ, শূন্যত কৃষ্ণ,—গোটেই ব্ৰহ্মাণ্ড কৃষ্ণময় হৈ পৰিল; মুৰুলীৰ মধুৰ স্থৰত প্ৰাণৰ মাজত নাচি উঠিল,—তথ্য ভাস৷ সৰ্ব্বমিদং বিভাতি,—"যাৰ প্ৰকাশৰ আভাৰে বিশ্বব্ৰহ্মাণ্ড উদ্ভাসিত—সেই বিশ্ব বিমোহন শ্যাম সুন্দৰৰ ত্ৰিভঙ্গমূৰতি!

 ব্ৰজবধূসকল বৃন্দাবনৰ কালিন্দীকূলৰ পৰা নিজা নিজ৷ ঘৰলৈ আহিল। আন দিন৷ আহে গাগৰী ভৰা যমুনাৰ নীল জলেৰে,—আজি আহিল বুকুভৰা নীলমণিৰ ৰূপ লাৱণ্যেৰে। শেষ সুন্দৰৰ মুৰুলী ধ্বনিত বৃন্দাবনৰ কোলালৈ লৰি গৈ সিবিলাকে আজি স্বচক্ষে দেখি আহিল, প্ৰাণেৰে প্ৰত্যক্ষ পৰশ পাই আহিল—সেই সৌন্দৰ্য ইন্দ্ৰিয় উপভোগৰ বস্তু