পৃষ্ঠা:সপ্তপৰ্ণ.djvu/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০
সপ্তপৰ্ণ

পিন্ধি এবাৰ হাতৰ হাতঘড়ীলৈ, এবাৰ দুৰ্ব্বীণেৰে কিবা এটিলৈ চাই চাই আহি অলপ গহীনাই বিজ্ঞানে কলেহি,⸺ “লাখ লাখ বছৰৰ আগেয়ে অসম উপত্যকাও সাগৰৰ তলিত আছিল। সাগৰ আঁতৰি গলত হিমালয়ৰ হিমস্ৰাৱ মধ্যাকৰ্ষণৰ ভৰত হিমানী ৰেখাৰ তললৈ আহি পানী হৈ যেনিয়ে চাপৰ পালে তেনিয়ে বাট উলিয়াই ঠাই বুজি মিনিটে ইমান মাইলৰ পৰা ইমান মাইল বেগেৰে সাগৰৰ অভিমুখে ব’বলৈ ধৰিলে। ইয়াৰ বিপুল কলেৱৰে মিনিটে মিনিটে ইমান ঘন পৰিমাণ পানী সাগৰক যোগাব লাগিছে। নানা বিধৰ জৈব পদাৰ্থত বাজেও ভালেমান খনিৰ মাজেদি বৈ অহাত ইয়াৰ পানীত হৰেক ৰকমৰ খনিজ পদাৰ্থৰ কণিকা পোৱা যায়।”⸺আৰু কত কি ক’লে! এতিয়া মনত পৰিছে, যি শুনিলোঁ এখন কাণে সোমাই ইখনে দি সুৰ্ সুৰ্ কৰে সৰি পৰিল। দৃষ্টি লক্ষ্যত নথকা দৃষ্টি গোচৰৰ পদাৰ্থবিলাকৰ দৰে সিবিলাকৰ যি ছঁয়৷-ময়া মূৰ্ত্তি চকুৰে দেখিলোঁ সিও চকুতে হেৰাই গ’ল। চকু আৰু কাণৰ পাচত তেওঁবিলাকক মনিব পৰা মনটি নাছিল; জল্ জল্ পট্‌ পট্ কৈ ধৰি ৰাখিব নোৱাৰিলে⸺মই চায়েই আছোঁ। ব্ৰহ্মপুত্ৰ সঁচা- সঁচিকৈ মহাবাহু! কি সুন্দৰ, কি উদাৰ এই বুকু খনি! কি মহিমাময় এই দৃশ্য! নিমিষে নিমিষে নতুন প্ৰেৰণাৰে প্ৰাণ মোৰ নাচি উঠিল। হিয়া যেন গলি যায়,⸺এই সৌন্দৰ্য্যই এই মাধুৰ্য্যই আনন্দৰ বীণাখনি বাই বাই হৃদয়ৰ