সমললৈ যাওক

পৃষ্ঠা:সপ্তপৰ্ণ.djvu/১০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৩
চতুৰ্থ পৰ্ণ

বান্ধিব খোজোঁ কোন মুখেৰে? দেশ কালৰ জাল পেলাই দেশ কালৰ অতীত ভগবানে আমাৰে উমলিব লাগিছে। সেই দেশ কালৰ জালেৰে দেশকালাতীতৰ লগত আমি আকৌ ওমলোঁ কেনেকৈ? ঈশ্বৰৰ নিয়মৰ লৰচৰ নহলেও মাজে মাজে কোনো কথাৰ ব্যতিক্ৰম স্বভাৱত দেখিবলৈ পোৱা যায়; আৰু সেই ব্যতিক্ৰমৰ কাৰণ নেদেখি নুবুজি আমি অনেক সময় তাক স্বভাৱৰ চাপল্য বা “খেয়াল” বুলি মানি লওঁ। ব্ৰজলীলাৰ ব্যতিক্ৰম বোৰ এই দৰেই প্ৰেমিক ভক্তই ভগবানৰ প্ৰেমৰ লীলা বুলিয়েই মানি লয়!

 এদিন আছিল—শ্ৰীকৃষ্ণক পূৰ্ণাৱতাৰ বা স্বয়ং ভগবান বুলিবলৈ পচিমৰ চমকত প্ৰথমে আন্ধি লাগি আমাৰে হুই একে অলপ মুৰ খজুৱাইছিল। আজি কালি দৰ্শন বিজ্ঞানৰ পোহৰত এই কথাৰ বিশদ আলোচনা কাগজে-পাতিয়ে, কিতাপে-পত্ৰই বহুবাৰ হৈ যোৱাৰ পাচত খোলাখুলিকৈ একেষাৰ কব পৰ৷ অৱস্থ৷ আহিছে। এতিয়া আৰু সঙ্কোচ নেলাগে।

 নাস্তিকসকলে ঈশ্বৰ নেমানে। সিবিলাকৰ কৰ্ত্তা এক অন্ধ শক্তি। সিবিলাকক বুজোৱা চেষ্টা বৃথা। সিবিলাকৰ ভিতৰত আকৌ যি সকল দোৰ্ঘোৰ প্ৰত্যক্ষবাদী—সেই সকলক বুজাবলৈ মস্তিস্কই আমাৰ নাই; কিয়নো মস্তিস্ক আছে যে তাক প্ৰমাণ কৰিবলৈ গৈ আমাৰ মস্তিস্ক বিদাৰ দেখুৱাই দিবলৈ আমি সমূলি নাৰাজ!