সমললৈ যাওক

পৃষ্ঠা:সপ্তপৰ্ণ.djvu/১০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সপ্তপৰ্ণ

পৰে। মুখৰ কথাতো সময়ে সময়ে নজনা নুশুনা কথা এনে অবিকল সঁচাকৈ ওলাই পৰে যে তাক প্ৰলাপ নুবুলি প্ৰলাপ বুলি উৰাই দিয়াটি প্ৰলাপ বুলিলে হে বেচিকৈ খাই পৰে। কামাখ্যাৰ দেওধনি, কিম্বা “ডেল্‌ফ্ৰিৰ অৰেকোল” কোনো এটিয়েই একেবাৰে উৰাই দিব লগীয়৷ বস্তু নহয়।

 শিক্ষিত সকলৰ কোনো কোনোৱে মুখেৰে অৱতাৰ সম্বন্ধে সবিশেষ প্ৰতিবাদ নকৰিলেও মাজে মাজে এটি আপত্তি কৰাৰ কথা শুনা যায়। বিৰাট ব্ৰহ্মাণ্ডৰ অধীশ্বৰ নিৰ্ব্বিকাৰ নিৰঞ্জনে এটা বালিচাহীৰো বালিচাহী যে মানৱ, তাৰ গাত তেওঁৰ বিৰাট ঐশ্বৰ্য্যেৰে প্ৰবেশ কৰি অথবা তদনুৰূপ দেহা ধাৰণ কৰি মানুহৰ লঘু লাঞ্ছনাৰে নিজক ইমান অপমানিত কৰে বুলি ভবাটো বৰ আচৰিত। এটা হাতীৰ গাত জীৱৰ দুখ সুখ সমন্বিতে যি অন্তঃসংজ্ঞা, জীৱৰ জন্ম, অস্তিত্ব, বৃদ্ধি, বিপৰিণাম, অপক্ষয় আৰু বিনাশ এই ছয় বিকাৰেৰে যি জৈবিক তত্ত্ব ফুটি পৰে,—বেজীৰ জলা এটিত থকা জীবাণু পুঞ্জৰ এটিৰ গাতো সেই জৈবিক তত্ত্ব পূৰ্ণ মাত্ৰাৰে থকা কথাটো আচৰিত হলেও সঁচা। সেইহে ভাৰতে ভগবানক আজিও কব লাগিছে—তুমি মহতৰ মহীয়ান্, অণুৰো অনীয়ান্!

 ভগবানে বিৰাট ঐশ্বৰ্য্যেৰে দেখা দিলে ক্ষুদ্ৰাতিক্ষুদ্ৰ মানৱৰ এনে সাধ্য নাই সি সেই ঐশ্বৰ্য্য উপভোগ কৰে। ভগবানে নিজৰ সৃষ্ট সূৰ্য্যটিতে ইয়াৰ ইঙ্গিত দি থৈছে। সূৰ্য্যৰ যি জ্বলন্ত তেজ, সেই তেজ চকুৰে চালে চকু ছাই