পৃষ্ঠা:সপ্তপৰ্ণ.djvu/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সপ্তপৰ্ণ

এই যে লৰাৰ মুখলৈ প্ৰেমেৰে চোৱা মাকৰ হাঁহি, মাকৰ মুখলৈ চোৱ৷ লৰাৰ হাঁহি,⸺এই হাঁহিতেই স্বৰ্গৰ পাৰিজাত ফুলি পৰে, ঘৰ গোটেই খনি আনন্দময় হয়।

 আহঁ৷, মাতৃ! তুমি প্ৰেম লৈ যেতিয়া নামি আহিছা তোমাৰে আজি ময়ো উমলিম।⸺ধুলি, ধূলিৰেই উমলিম। তুমি তোমাৰ শব্দ একোটিৰ অৰ্থ ধূলিৰে ঢাকি থোৱাঁ। মই ভাগ একোটি চাব্‌ মাৰি ধৰি ধৰি লিৰিকি লিৰিকি বিচাৰি যাম। যদি অৰ্থৰ অক'মানি কাঠী ডালি ওলাই পৰে তেনে সন্তানৰ সফলতা দেখি তৃপ্তিৰ হাঁহি এটি মাৰি মোৰ মুখ খনি জিলিকাই দিবা; যদি নোলায়, তেতিয়াও লাজ দিয়া হাঁহিৰে উদগনি দি অইন ভাগত বিচাৰি চাবলৈ চিয়াৰেৰে কৈ যাবা। আহাঁ মা, জয়ে জয়ে আজি তোমাৰ “মথুৰাৰ হাট” বোলা কাঠী ডালিৰে আৰম্ভণ কৰোঁ। এই ধৰিলোঁ মই ইতিহাসৰ ভাগ। ৰামায়ণ, মহাভাৰত, পুৰাণ 'আৰু ইতিহাসে কি কয় শুনা :⸺

 আদি কাব্য ৰামায়ণৰ দিনৰ পৰাই তোমাৰ ‘মথুৰা’ৰ নাম নানান সাল সলনিৰ মাজেদি চলি আহিছে। ৰামায়ণৰ আগৈয়ে বোলে তাৰ অগাধ অৰণ্যত হিংস্ৰ জন্তুৰে অনাৰ্য্য- সকল বাস কৰিছিল। এই অনাৰ্য্যসকলৰ মাজৰ মধু নামে দৈত্য এজনে বিপন্নক ৰক্ষা কৰি সনাতন ধৰ্ম্মৰ সহায়তা কৰাত মহাদেৱে শলাগ লৈ মহাবীৰ্য্যৰ শূল এডাল. তেওঁৰ হাতত দি কলে,⸺“বংশ পৰম্পৰা ক্ৰমে এই শূলেৰে বীৰ্য্যবান