ৰিণি ৰিণি ধ্বনি তুলিবই লাগিছে। সেই ধ্বনি শুনি ব্ৰহ্মানন্দৰ আস্বাদন লৈ নবজন্ম সাৰ্থক কৰিবলৈ হলে চঞ্চল মন, বেসুৰা বুদ্ধি, উদভ্ৰান্ত অহমিকাক অন্তৰ্জগতলৈ টানি নিব লাগিব। তালৈ লাগে প্ৰাণৰ শক্তি, অন্তৰৰ শ্ৰদ্ধা, আৰু লাগে, আৰুও লাগে—নাৰী হৃদয়ৰ তীব্ৰ ব্যাকুলতা! নহলে বদ্ধ জীৱৰ ৰুদ্ধ হিয়ালৈ পৰমানন্দৰ আনন্দ ধাৰা বৈ আহিও সি ৰৈ যায়। পূৰ্ণ ৰসৰ আস্বাদনলৈ ব্যাকুলতা জাগিলেই অন্তৰৰ দুৱাৰ আপোনাআপুনি মুকলি হব, সেই দুৱাৰেদি অন্তৰ্দৃষ্টিত ক্ষুদ্ৰ হৃদয়ৰ ৰসৰ কণিকাত ৰসাধিষ্ঠাত্ৰী দেৱতাৰ দিব্য মূৰতি জিলিকি পৰিব;—পৰম ৰসেৰে মিলনৰ পুলকত ফুলি পৰি আকুল হৈ জলি উঠা—কি সেই সৌম্য দৰ্শন। কাঁণত নীৰৱতা ভেদি বাজি যাব,—বাজি যাব জীৱৰ অন্তৰে অন্তৰে ঝঙ্কাৰি উঠা মহামিলনৰ সেই মধুৰ সুৰ; কথাৰে, নিজ নিজ ভাষাৰে অতৰ্কিতে ফুটি পৰিব ৰাধাৰ প্ৰাণৰ কৰুণ প্ৰাৰ্থনা—“নিয়াঁ পাৰে কৰি।” মিলনৰ মুখে লৰি যোৱা ৰাধিকাই মিলিব নিদিয়া যমুন৷ আগত দেখি থমকি যাওঁতে যি আকুলত৷ জাগিছিল, সেই আকুলি-বিকুলি, সেই কৰুণ মিনতিয়ে নাৰীৰ প্ৰাণৰ দৰে জীৱৰ সৰল প্ৰাণত আৰু খোলাকৈ, আৰু শুনাকৈ বিনাই উঠিব,—“এইয়া, এইয়া—অন্ধকাৰ জলেৰে অথিৰ অবিৰ যমুনাই কলকলকৈ উঠিছে! এইয়া যমৰ ভগিনী যমুনাত মৃত্যুৰ ছাঁয়াই কঁপি কঁপি আতঙ্ক তুলিছে! সৌৱা, সিপাৰেদি
পৃষ্ঠা:সপ্তপৰ্ণ.djvu/১৯৮
অৱয়ব