পিঠিত তূণ, গাত গছৰ বাকলি, ভুবন জিনা হাঁহিটিৰে ভগবান আহিছে। তল-সৰা ফল এটি কামুৰি মিঠা পালেই নিজে নেখাই ভগবানলৈ বুলি সাঁচি থৈছে!—ধ্যান সফল হ’ল। বিশ্ব-বিমোহন বেশেৰে হাতত ধনুৰ্ব্বাণ লৈ ভগবান ৰামচন্দ্ৰই শবৰীক দেখা দিলে। ধ্যানৰ মূৰতি বাহিৰে দেখি তাইৰ হিয়া যেন উৰি গল!—শবৰী বাউলী হ’ল,—উৰি গ’ল এক উজ্জ্বল লোকৰ ভূমানন্দলৈ,—তাইৰ জীৱন ধন্য হ’ল!অজি এশ বছৰৰ ভিতৰৰে কথা,—এইয়া অলপতে দক্ষিণেশ্বৰৰ কালী মন্দিৰত ব্ৰাহ্মণৰ নিৰক্ষৰ সন্তান ৰামকৃষ্ণৰ আকুলতা জাগিল,—এই দেবীৰ যে পাষাণ প্ৰতিমা, ই পাষাণেই নে ইয়াৰ ভিতৰত দেবী আছে। দেবী যদি আছে সন্তানক দেখা নিদিয়ে কিয়?—কি সেই আকুলতা!—জীৱনৰ আশা ভাৰসা, লাজ ভয়, সুখ সন্তোষ দলিয়াই দি ‘মা’ ক বিচাৰি বাউল হল! ভগবানৰ কি দয়া!—ত্ৰিভুবনৰ সুষমা মাধুৰীৰ স্নিগ্ধ জ্যোতিৰে ‘মা’ ৰূপ ধৰি ভগবানে ভক্তৰ মুৰত হাত বুলাই দি গল। সকলো দ্বিধা, সকলো সন্দেহ, সকলো আকুলি-বিকুলি এটি মুহূৰ্ত্ততে মিলি গল! কি স্পৰ্দ্ধাৰে, কি সাহসেৰে বুকুত হাত দি দৰ্শন বিজ্ঞানৰ কোৰ্হাল তল পেলাই কবলৈ ধৰিলে—“ভগবানক দেখা যায়”। “যদি ডাকার মত ডাকতে পার তবে পাবিরে তারে।”—জগত চমকি উঠিল! কি এই আশ্বাসৰ বাণী! এই বাণীকেই দেশে দেশে কালে কালে ভগবানৰ আবেশ হোৱা মহাপুৰুষ
পৃষ্ঠা:সপ্তপৰ্ণ.djvu/১৩৮
অৱয়ব