সমললৈ যাওক

পৃষ্ঠা:সপ্তপৰ্ণ.djvu/৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৭
চতুৰ্থ পৰ্ণ

পুথিত নহলেও মানুহৰ মুখে মুখে চলিবই লাগিছে। এই ব্যৱহাৰটি যদি দোষৰ বোলা যায়, তেনে সেই দোষটি কাৰ? মূৰ্ত্তিৰ নে শপত খাবলৈ যি দিয়ে আৰু যি খায় সেই বিলাকৰ?—এই ব্যৱহাৰত অকল যে দোষেই আছে তাকো কব নোৱাৰি! অন্ততঃ শপত খাবলৈকে মূৰ্ত্তিটিৰ ইজ্জৎ ফেৰা যে আজিলৈকে ৰক্ষা পৰি আছে, ইও কম কথা নহয়। এই কথাৰ গুণ ললেও তেনেই অথলে নেযায়!—ভণ্ড ভক্তই নিজৰ নীচ স্বাৰ্থ চৰিতাৰ্থ কৰিবৰ মনেৰে কেতিয়াবা কৃষ্ণৰ নামেৰে কপটতা কৰি কৃষ্ণৰ চৰিত্ৰত যে কলঙ্ক দিয়া নাই তাকো কোৱা টান। সেই কলঙ্কেৰে কৃষ্ণই বা কলঙ্কিত হয় কেনেকৈ? জোনত ছাঁ পেলাওঁ বুলি যদি কোনোবাই ক’লা কাপোৰ এডখৰি জোনলৈ ধৰে তাৰ ছাঁ পৰে ক'ত? কেতিয়াব৷ নিজৰ শক্তি সামৰ্থ্যেৰে ধৰ্ম্মৰ প্ৰাপ্যখিনি পাব নোৱাৰি তাকে পাবৰ মনেৰে অধৰ্ম্মই ধৰ্ম্মৰ ভাও ধৰে, ধৰ্ম্মৰ নামত কপটতা কৰে; প্ৰকাৰান্তৰে অধৰ্ম্মই তেতিয়া ধৰ্ম্মৰ মহিমাকে স্বীকাৰ নকৰে জানো? ভোগোন্মত্ত ৰাৱণে এইদৰে এবাৰ ত্যাগৰ মহিমা স্বীকাৰ কৰিছিল ত্যাগী সন্ন্যাসীৰ বেশেৰে ভাৰতৰ মূৰ্ত্তিমতী লক্ষ্মী সীতা দেবীক হৰণকৈ নিবলৈ আহোঁতে। এনে ধৰণৰ কলঙ্ক যদি পোৱা যায় তাক কলঙ্ক নুবুলি কলঙ্কিত জীৱনৰ ব্যাজস্তুতি বুলি ধৰি ললেই সকলো জৰৰ ওৰ পৰে। কৃষ্ণৰ আমাৰ বৰণ ক'লা; কলঙ্ক কালিমা পৰিলে তাত নিজেই সি হেৰাই যায়!