পৃষ্ঠা:সপ্তপৰ্ণ.djvu/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৭
চতুৰ্থ পৰ্ণ

ৰীতিৰ ব্যতিক্ৰম ঘটিলেও, সেই ৰাতিয়েই যে ইমান সতৰ্কতা নিস্ফল কৰি কৃষ্ণৰ জনম, আৰু সশস্ত্ৰ অনুচৰবৰ্গ জাগি উঠাৰ আগতে যে কৃষ্ণ আৰু যোগমায়াৰ সালসলনি এই আচল কথাটি নেমানি নোৱাৰি।

 নিচেই কেচুৱাৰ পৰা এঘাৰ বাৰ বছৰৰ চেমনীয়া কাললৈকে ভালেখিনি আচৰিত কাম কৰি ব্ৰজবাসীক বিস্ময় মনোৱাই আপোনাৰো আপোনটি হৈ সিবিলাকৰ বুকু জুৰি কানাই জিলিকি আছিল। পূতনা, তৃণাবৰ্ত্ত, শকটাসুৰ, ধেনুকাসুৰ, অঘাসুৰ, বকাসুৰ, বৃষাসুৰ, কেশী, ব্যোমাসুৰ প্ৰমুখ্যে অসুৰৰ প্ৰাণ অবলীলাক্ৰমে সংহাৰ কৰি, কালী নাগক দমাই, ইন্দ্ৰ আৰু ব্ৰহ্মাৰ দৰ্পচূৰ্ণ কৰি বৃন্দাবনৰ ৰাসমণ্ডলত ৰাসবিহাৰীৰ মোহন মুৰুলীৰে মদনক মুহি গকুলৰ গোপ-গোপিনীক বুকুলৈ লৈ মনুষ্য লীলা আৰু ভগবদ্ লীলাৰ দোলনেৰে দোলাই ব্ৰজধাম প্ৰেমত মতলীয়া কৰি তুলিছিল। তোলনীয়া পুতেক স্বৰূপে, বাল্যসখা স্বৰূপে, জীৱনৰ লগৰী স্বৰূপে, অন্য কি গৰখীয়া স্বৰূপে গোপবালক কৃষ্ণই এনে উজ্জ্বল চানেকি দি থৈ গল, যাতকৈ জলা আৰু মন টানি নিব পৰা আদৰ্শ প্ৰগতিৰ জগতে আজিও হেজাৰ বিজাৰ বছৰৰ পাচতো কেনিও ক’তো তুলি ধৰিব পৰা নাই। কৃষ্ণৰ বাঁহী প্ৰকৃতিয়ে ৰৈ ৰৈ শুনিছিল! সুৰৰ লালিত্যত কেনি বোৱা যমুনা কেনি যেন বৈ গৈছিল!⸺“সচেতন সব থিক অচেতন হোই! তৰঙ্গিনী সব বহু অচলিত তোই॥”⸺সকলো