আজিৰ আনন্দ অকল আহাৰৰ প্ৰাচুৰ্য্যই দিয়া নহয়, অকল ঋতুৰ প্ৰভাৱে আনি দিয়া নহয়; অসমীয়াৰ নতুন কৰ্ম্মই আনি দিয়া আৰু এক আনন্দৰ ধাৰাৰে সি ত্ৰিধাৰা। আজি কৰ্ম্মৰ বিৰামত কৰ্ম্মৰ আচল ৰূপ জিলিকি পৰিছে। ৰৈ যোৱা বীণাৰ মধুৰ ৰণনৰ দৰে, যতিত থমকি যোৱা ছন্দৰ সোৱাদৰ দৰে ই আজি কেনে মধুময়! কৰ্ম্ম গ'ল, কৰ্ম্ম আহিল, বছৰ গ'ল, বছৰ আহিল, কৰ্ম্মই আৰু বছৰে গৈ গৈ অন্ত কৰিব নোৱাৰ৷ এক অন্তহীনৰ বাতৰি অযাচিতে আমাৰ প্ৰাণলৈ বলাই আনে, তাত এক চিৰ নবীনতাৰ আভাস, চিৰ-আনন্দ উল্লাস, ই যে অনন্তৰ পৰশ, ই যে অমৃত! অজানিতে এই আনন্দৰ ঝঙ্কাৰে হিয়া আমাৰ নচুৱাই তোলে সেই হে এই আনন্দ প্ৰহেলিকাৰে পৰশ তাৰ প্ৰাণে প্ৰাণে পায়, অথচ সমাচ্ছন্ন —অতি সুগভীৰ। পৰশ তাৰ প্ৰাণে প্ৰাণে পায়, অথচ নেজানে কাৰ সি পৰশ— তাৰ জাল চৰি সেই হে আজি অসমৰ নিচেই সৰু লৰালুৰিৰ পৰা আলৰ বুৰা বুৰীলৈকে মতলীয়া কৰি তুলিছে আজিৰ আনন্দক আনন্দস্বৰূপে বৰি আনিবলৈকে সি তাৰ আজৰি উলিয়াই নিজগৰী হৈ লৈছে। কেনেবাকৈ তাঁত বিহুচেৰা হয় বুলি গাৱে গাঁৱে গাভৰুৰ হাতৰ মাকোৱে চট্চটাব লাগিছে। মাহেকলৈ চাউল উলিয়াই থবলৈ বুলি ঘৰে ঘৰে নামৰ সুৰে সুৰে ৰাতি এডোখৰলৈকে ঢেঁকীয়ে গুম্গুমাব লাগিছে। গোটেই দেশ জোৰা উলহ মাদলিত মানুহৰ মন নাচি উঠিছে।
পৃষ্ঠা:সপ্তপৰ্ণ.djvu/২২
অৱয়ব