পৃষ্ঠা:সপ্তপৰ্ণ.djvu/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫
দ্বিতীয় পৰ্ণ

লৈ যায়। মই আজি ইতিহাসক পাওঁ ইতিহাসক, বিজ্ঞানক পাওঁ বিজ্ঞানক,⸺সেয়ে নহয়, সেয়ে নহয়⸺যাকে য’তে পাওঁ তাকে ত’তে তোমাৰ বাতৰি সুধি ফুৰিম। তাহানি কৃষ্ণ- বিৰহিনী গোপিনীয়ে প্ৰাণৰ আকুলতা লৈ তৰুৱে তৰুৱে, লতাই লতাই, বনে বনে, হৰিণীয়ে হৰিণীয়ে কৃষ্ণৰ বাতৰি সুধি চোৱাদি, চৰণৰ চাবে চাবে বিচাৰি যোৱাদি, ময়ো তোমাৰ আখৰে আখৰে, শব্দই শব্দই, এই আনন্দৰ বাতৰি সুধি চাম। হয়তো তোমাক পাই অন্ত কৰিব নোৱাৰিম; সেই বুলিয়েই তোমাৰ গানটি ইনাই বিনাই ওৰে জীৱন গাই ফুৰিম। প্ৰেম ৰাজ্যৰ এইটিয়েই প্ৰশস্ত পথ।

 তাৰ পাচত তোমাৰ গানটিত যদি সত্য আৰু প্ৰেমৰ পোহৰ পৰে, তেনে অকল সি গীতটিকে নিজিলিকায়; যাৰ প্ৰাণৰ ৰচনা সেই প্ৰাণো অলক্ষিতে জিলিকি পৰিব। ৰামায়ণৰ দৰে আৰু এখনি গ্ৰন্থ ৰচনা কৰিবলৈ অনুৰোধ কৰোঁতে আদি কবি বাল্মীকিয়ে কৈছিল, এক ৰামায়ণেই মোক কৃতাৰ্থ কৰিছে, আৰু কিয়?⸺এই গীতটিৰ অন্তৰৰ প্ৰেমেৰে যাৰ প্ৰাণত সুৰৰ প্ৰকাশ, সেই প্ৰাণো তেনেকৈ এই গীতটিয়েই কৃতাৰ্থ কৰিব। নাম নেজানিলেও অসমৰ এক ভক্ত কবিলৈ ভক্তিত মুৰ দোঁ খাই পৰিব। নাম ধামৰ পৰিচয় নাই কাৰণেই সেই নাম নজনা কবি আমাৰ কল্পনা- লোকত অতি সুন্দৰ হৈ জিলিকি উঠিব। “অ’ কেতেকী” বোলা সুৰটি শুনিলেই প্ৰাণত আমাৰ কেনে আনন্দ লাগে!