অতৰ্কিতে এক অভিনৱ আনন্দ বিকীৰণ কৰিছিল। চাওঁতে চাওঁতে ৰাধিকা পূৰ্ণ যৌৱনৰ ৰূপ লাৱণ্যেৰে ফুলি পৰিল। স্বৰ্গ আৰু মৰ্ত্ত্যৰ সকলো সৌন্দৰ্য্যৰ সকলো আনন্দ শৰীৰী হৈ তেওঁৰ তুলা যেন কোমল শৰীৰটিত তিৰবিৰাই উঠিল। কোনো এখনি পুৰাণৰ মতে ব্ৰজধামৰ আয়ান নামেৰে দ্বাদশ গোপৰ গোপ এজনেৰে তেওঁৰ লৌকিক বিবাহো সমাধা হ’ল। গোপকুমাৰীৰ স্বভাৱসুলভ স্বাধীন চিত্তেৰে এদিন বৃন্দাবনৰ কাষৰৰ ভাণ্ডীৰ বনৰ মাজেদি যাওঁতে হঠাৎ কোলাত কৃষ্ণক লৈ যোৱা গোপৰাজ নন্দই তেওঁক দেখা পাই তেওঁৰ কোলালৈ কৃষ্ণক দি গৰু চাবলৈ বনলৈ সোমাল। ৰাধা তেতিয়া পূৰ্ণ যুৱতী,—কৃষ্ণ কোলাৰ কৃষ্ণ। তেতিয়াই কৃষ্ণৰ প্ৰতি ৰাধাৰ যিটি মৰম সোমাল তাৰে পূৰ্ণবিকাশ হ’ল পাচলৈ বৃন্দাবনৰ ৰাস-পূৰ্ণিমাত। শৰতৰ চন্দ্ৰাৱলীত কৃষ্ণৰ মধুৰ মুৰুলী শুনি ভালেখিনি গোপিনীৰ লগত বাউলী হৈ ৰাধা আহি বৃন্দাবন পালেহি। কৃষ্ণ প্ৰেমৰ পৰশ পাই অভিমানৰ মাত্ৰা বেচিকৈ চৰাত হাতৰ কৃষ্ণ হাততে লুকাই পৰিল৷ তাৰ পাচত হিয়া ধুনি ধুনি চকুৰ পানীৰে অভি- মান ধুই নিকা কৰিলত নিয়ৰেৰে নিকা পদুম পাহিক নীল আকাশৰ বেলিটিয়ে দেখা দিয়াদি ৰাধাৰমণে ৰাধিকাৰ দেখা দিলেহি, আৰু দুয়ো ভূমানন্দৰ উজ্জ্বল লোকত মিলি গ’ল। এই মিলনৰ কিছু দিনৰ পাচতে লৌকিক বিৰহ আহিল। কি সেই সুদীৰ্ঘ বিৰহ! এদিন নহয়, দুদিন
পৃষ্ঠা:সপ্তপৰ্ণ.djvu/১৪২
অৱয়ব